নামৰূপৰ পৰা সমীৰণ বৰুৱা
সোমবাৰে এক আড়ম্বৰপূৰ্ণতাৰে শিৱসাগৰৰ ডিমৌ বৰুৱা চাংমাই গাঁৱত বিশ্ব শান্তি মহোৎসৱ অনুষ্ঠিত হৈ যায় । উক্ত মহোৎসৱতে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ৱৰ্ল্ড পীচ্ ৰিট্ৰিট চেণ্টাৰটো মুকলি কৰা হয় ।
উল্লেখ্য যে এইটো হ'ল প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ৰিট্ৰিট চেণ্টাৰ । চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ১০৩ বছৰীয়া ৰাজযোগিনী, আমেৰিকা ট্ৰেক্সাৰ্ছ বিশ্বিবদ্যালয়ে বিশ্বৰ স্হিৰ মনৰ অধিকাৰী হিচাপে ঘোষণা কৰা ড: দাদী জানকীজীয়ে ।
উল্লেখ্য যে শিৱসাগৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ডিমৌ বৰুৱা চাংমাই গাঁৱত ৫ বিঘা ভূমিত কেইবা কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই অনুষ্ঠানটোত সাতখন ৰাজ্যৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভাই-ভনীসকলে অংশগ্ৰহণ কৰাৰ লগতে ৰাজযোগিনী ড: দাদী জানকীজী, ৰাজযোগিনী বি কে শীলা দিদিজী (ত্ৰিপুৰা), ৰাজযোগিনী বি কে হান্সা দিদিজী,
ৰাজযোগী বি কে মৃত্যুঞ্জয় (মাউণ্ট আবু), ৰাজযোগিনী বি কে চাৰ্দাজী (আহমেদাবাদ), ৰাজযোগিনী বি কে সত্যৱতী (ওড়িশা), ৰাজযোগী বি কে মোহন (মাউণ্ট আবু), ৰাজযোগিনী বি কে ৰজনী (শিৱসাগৰ), অৱসৰপ্ৰাপ্ত লে: কৰ্নেল পি কে ভৰালী, ৰাজ্যৰ শক্তি মন্ত্ৰী তপন গগৈ, লখিমপুৰৰ প্ৰাক্তন সাংসদ অৰুণ শৰ্মা আৰু আছু কৰ্মী শৰৎ হাজৰিকা উপস্থিত থাকে ।
- Log in to post comments
- 63 views