চৰকাৰৰ ত্ৰুটিপূৰ্ণ সংৰক্ষণ নীতিৰ বাবেই জনগোষ্ঠীয় বৈষম্য বাঢ়ি গৈ আছে ৷ এই বৈষম্য আঁতৰ কৰাৰ বাবে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলক তৎকালে জনজাতিকৰণ কৰাটো প্ৰয়োজন হৈ পৰিছে ৷ এই মন্তব্য কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায়ে ৷
এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে নিজৰ গৃহভূমিত মৰ্যাদাসহকাৰে জীয়াই থকাৰ গণতান্ত্ৰিক অধিকাৰ কোচ ৰাজবংশীসকলৰ আছে ৷ কিন্তু চৰকাৰে বৈষম্যমূলক নীতিৰে কোচ ৰাজবংশীসকলৰ গণতান্ত্ৰিক অধিকাৰ পূৰ্ব পৰিকল্পিতভাৱে নিঃশেষ কৰি গৈ আছে ৷
তেনে পৰিকল্পনাৰে অংশ হিচাপে বৰ্তমানৰ বিটিএডিক উন্নীত কৰি বড়োসকলৰ বাবে কেন্দ্ৰীয়শাসিত অঞ্চল গঠন কৰি কোচ ৰাজবংশীসকলক জীৱন্তে কবৰ দিয়াৰ ষড়যন্ত্ৰ ৰচি আছে ৷ সেয়ে এনে বৈষম্যমূলক সিদ্ধান্ত মানি লোৱা নহব ৷ বৰঞ্চ ইয়াৰ প্ৰতিৰোধত গণ সংগ্ৰাম অধিক ভয়ংকৰহে হ'ব বুলিও কয় ৷
বিবৃতিটোত সভাপতি ৰায়ে আৰু কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত ৰাজনৈতিক শোষণ তীব্ৰতৰ হৈছে ৷ গতিকে চৰকাৰৰ এই পৰিকল্পিত ৰাজনৈতিক শোষণৰ পৰা মুক্ত হ'বৰ বাবে কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য প্ৰদান কৰিবই লাগিব বুলি দাবী জনাই আৰু কয় যে যি ভূ-খণ্ডত বিটিএডি গঠন হৈছে বা যি ভূ-খণ্ডত বৰ্তমান বড়োসকলৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰিব বিচৰা হৈছে, সেই ভূ-খণ্ডৰ গৰাকী কোচ ৰাজবংশীসকলহে ৷
১৯৫৬ চনৰ ১৬ এপ্ৰিললৈ এই ভূ- খণ্ডত কোচ ৰাজবংশীসকলে দৰং কোচ ৰাজ্য, বিজনী কোচ ৰাজ্য, চিদলী কোচ ৰাজ্য নামেৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজসত্বাৰ সৃষ্টি কৰি শাসন কৰিছিল ৷ পশ্চিম বংগৰ দিনাজপুৰৰ পৰা অসমৰ লখিমপুৰলৈকে এই ভূ-খণ্ডৰ গৰাকী আছিল কোচ ৰাজবংশীসকল ৷ এই ভূ-খণ্ডক সামৰি আক্ৰাছুৱে উত্থাপন কৰা কমতাপুৰৰ দাবী কোচ ৰাজবংশীসকলৰ নাৰ্য্য দাবী ৷
সেয়ে এই নাৰ্য্য দাবীৰ সংগ্ৰাম চলিয়ে থাকিব ৷ বিবৃতিটোত আক্ৰাছুৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনকো তীব্ৰ সমালোচনা কৰি কয় যে ছয় জনগোষ্ঠীক জনজাতি কৰিম বুলি ছয় জনগোষ্ঠীৰ ভোটত বিজয়ী হৈ গাদী দখল কৰাৰ পিচত নিজৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ বৰ্তমানৰ বিজেপি চৰকাৰখন এদিনৰ বাবেও ক্ষমতাত থকাটো আক্ৰাছুৱে নিবিচাৰে ৷
কাৰণ বিজেপি চৰকাৰে যে অগণতান্ত্ৰিক কাম কৰে তাৰ প্ৰমাণ আমি পাই থৈছো ৷ ১৯৫৬ চনৰ ১৬ এপ্ৰিললৈ বৰ্তি থকা কোচ ৰাজ্যত একমাত্ৰ জনজাতিৰ বাবে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোক চতুৰ্থ শ্ৰেণীৰ নাগৰিকলৈ অবনমিত কৰিছে ৷ ২০০৩ চনত প্ৰয়াত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন বিজেপি চৰকাৰৰ গৃহমন্ত্ৰী এল কে আদৱানী কোকৰাঝাৰলৈ আহি বিটিএডি গঠনৰ জৰিয়তে কোচ ৰাজবংশীসকলৰ অধিকাৰ কাঢ়ি লৈ গৈছে ৷
ঠিক সেইদৰে বৰ্তমানৰ নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বড়োসকলৰ বাবে বিটিএডিক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে উন্নীত কৰি কোচ ৰাজবংশীসকলক নিঃশেষ কৰাৰ পৰিকল্পনা যুগুত কৰিছে ৷
কিন্তু এই পৰিকল্পনাক আক্ৰাছুই কেতিয়াও সফল হ'ব নিদিয়ে আৰু এই ক্ষেত্ৰত চৰকাৰে যদি এখোজো আগৱাঢ়ে তেতিয়াহলে পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ল'ব আৰু ইয়াৰ বাবে চৰকাৰে জগৰীয়া হ'ব বুলিও কয় ৷
- Log in to post comments
- 64 views