মায়ঙত বিজেপি প্ৰাৰ্থীৰ ভুৱা শিক্ষাগত অৰ্হতা : অভিযোগ দাখিল নিৰ্বাচনী বিষয়াক

মায়ঙত বিজেপি প্ৰাৰ্থীৰ ভুৱা শিক্ষাগত অৰ্হতা : অভিযোগ দাখিল নিৰ্বাচনী বিষয়াক

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা চলি থকাৰ মাজতেই আৰম্ভ হৈছে অভিযোগ-প্ৰতিঅভিযোগ । শেহতীয়াকৈ মৰিগাঁও জিলাৰ মায়ং জিলা পৰিষদৰ অন্তৰ্গত মায়ং আঞ্চলিক পঞ্চায়তৰ গাগলমাৰী আশিগড় গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মহিবুৰ ৰহমান নামৰ বিজেপি প্ৰাৰ্থীজনৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতাৰ জালিয়াতি কৰাৰ অভিযোগ তুলিছে সেই পঞ্চায়তৰে আচাৰ আলী নামৰ ব্যক্তিজনে ।

মায়ঙত বিজেপি প্ৰাৰ্থীৰ ভুৱা শিক্ষাগত অৰ্হতা : অভিযোগ দাখিল নিৰ্বাচনী বিষয়াক

আচাৰ আলীয়ে অভিযোগ কৰা অনুসৰি, বিজেপি প্ৰাৰ্থী মহিবুৰ ৰহমানে দাখিল কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ-পত্ৰখন সম্পূৰ্ণৰূপে জাল । মহিবুৰ ৰহমানে ষ্টেট বোৰ্ড অব ছেকেণ্ডাৰী ইডুকেচন, দিল্লীৰ পৰা ৰোল এ এছ ১০৭ নং ১০০৭০০৬৯ নম্বৰত ০২/০৬/২০১৭ তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দেখুৱাইছে যদিও এই নম্বৰটো প্ৰকৃততে জাল বুলি দাবী কৰিছে আচাৰ আলীয়ে ।

এই ঘটনা তদন্তৰ বাবে যোৱা ১৬ নবেম্বৰত মৰিগাঁও জিলা নিৰ্বাচনী বিষয়াক তথ্যসহকাৰে অভিযোগ দাখিল কৰাৰ বিষয়ে আজি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে অভিযোগকাৰী আচাৰ আলীয়ে ।

এই ঘটনাক লৈ গাগলমাৰী আশিগড় গাঁও পঞ্চায়তৰ বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

এইক্ষেত্ৰত মৰিগাঁও জিলা নিৰ্বাচনী বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

Your Comments