কাছমাৰী গাঁও পঞ্চায়তত প্ৰাক্‌নিৰ্বাচনী তৎপৰতা : অগপ-বিজেপিৰ মাজতেই মূল যুঁজৰ সম্ভাৱনা

কাছমাৰী গাঁও পঞ্চায়তত প্ৰাক্‌নিৰ্বাচনী কুচকাৱাজ : অগপ-বিজেপিৰ মাজতেই মূল যুঁজৰ সম্ভাৱনা

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বতাহে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ গৰম কৰি তোলাৰ সমান্তৰালভাৱে নগাঁও জিলাৰ সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৫নং কাছমাৰী গাঁও পঞ্চায়ততো অগপ-বিজেপি-কংগ্ৰেছকে ধৰি আন আন ৰাজনৈতিক শিবিৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে নগাঁও জিলাৰ ভিতৰত অগপৰ অন্যতম দুৰ্গৰূপে পৰিচিত কাছমাৰী গাঁও পঞ্চায়তৰ পূৰ্বৰ পঞ্চায়তখনৰ অধিকাংশ আসনতেই বিজয়ী হৈছিল অগপৰ প্ৰাৰ্থী ৷ পূৰ্বৰ সেই ধাৰা অক্ষুণ্ণ ৰখাৰ সংকল্পৰে পঞ্চায়তটোত ব্যাপক ৰূপত তৎপৰ হৈ পৰিছে আঞ্চলিকতাবাদী দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকল ৷

কাছমাৰী গাঁও পঞ্চায়তত প্ৰাক্‌নিৰ্বাচনী কুচকাৱাজ : অগপ-বিজেপিৰ মাজতেই মূল যুঁজৰ সম্ভাৱনা

আগন্তুক নিৰ্বাচনত পঞ্চায়তটোৰ সভাপতি পদৰ যুঁজখন মূলত: বিজেপি আৰু অগপৰ মাজতেই হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ উল্লেখ্য, অগপৰ হৈ সমাগত নিৰ্বাচনত পঞ্চায়তটোত সভাপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী অমিয় কুমাৰ ডেকাৰ বিৰুদ্ধে বিজেপি দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব বিগত নিৰ্বাচনত অগপ দলৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে নিৰ্বাচিত হৈ পৰৱৰ্তী সময়ত গেৰুৱা দলত যোগ দিয়া পংকজ বৰাই ৷

আনহাতে, কংগ্ৰেছকে ধৰি অন্যান্য দলীয়-নিৰ্দলীয় প্ৰাৰ্থীসমূহৰ মাজত বৰ্তমানলৈকে বিশেষ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা পৰিলক্ষিত হোৱা নাই ৷ বিজেপি দলে অধিক উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ বিপৰীতে বিজেপি দলৰ খিলঞ্জীয়াবিৰোধী নীতিয়েই হ'ব অগপৰ মূল নিৰ্বাচনী ইছ্যু ।

বিগত পঞ্চায়তখন দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত জড়িত থকাৰ ৰাজহুৱা অভিযোগ থকাৰ হেতু এইবাৰৰ নিৰ্বাচনত এখন নিকা আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ সংশ্লিষ্ট পঞ্চায়তটোৰ ৰাইজে কোন দলৰ প্ৰাৰ্থীক নিৰ্বাচন কৰে সেয়া লক্ষণীয় হ'ব ৷

Your Comments