আক্ৰাছু-যুৱ ছাত্ৰ সন্মিলনীৰ অসম বন্ধ : বঙাইগাঁৱত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

আক্ৰাছু-যুৱ ছাত্ৰ সন্মিলনীৰ অসম বন্ধ : বঙাইগাঁৱত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

বিজেপি চৰকাৰে বিটিএডিক ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিললৈ উন্নীত কৰাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা তথা এনডিএফবিৰে আলোচনাৰ বিৰোধিতা কৰি আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনোৱা ৪৮ ঘণ্টীয়া অসম বন্ধ আৰু এনডিএফবি, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ আলোচনাৰ বিৰোধিতা কৰি তথা কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলীনীয়ে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ ফলত নামনি অসমৰ বঙাইগাঁও জিলাত স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ হৈ পৰে ৷

আক্ৰাছু-যুৱ ছাত্ৰ সন্মিলনীৰ অসম বন্ধ : বঙাইগাঁৱত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

বন্ধৰ ফলত ব্যৱসায়িক চহৰ বঙাইগাঁৱৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক তথা বীমা প্ৰতিষ্ঠান, প্ৰায়ভাগ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি বন্ধ থকাৰ লগতে ৰাজপথত যান-বাহনৰ চলাচল বন্ধ থাকে ৷

ইপিনে পুৱা বন্ধৰ সমৰ্থনত কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ একাংশ কৰ্মীয়ে বঙাইগাঁও চহৰৰ চিলাৰায় দৈনিক বজাৰস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ৰ ওচৰৰ মূল ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, কমতাপুৰৰ ভূমিত ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠন কৰা নহ'ব, বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন শ্লোগানো দিয়ে ৷

আক্ৰাছু-যুৱ ছাত্ৰ সন্মিলনীৰ অসম বন্ধ : বঙাইগাঁৱত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

সংগঠনটোৰ কৰ্মীসকলে কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰৈলোক্য ৰায়ৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অৱশ্যে পিছত আৰক্ষী উপস্থিত হৈ ৰাজপথত জ্বলি থকা টায়াৰসমূহ পথৰ পৰা আঁতৰাই দিয়ে ৷ আনহাতে, আক্ৰাছু কৰ্মীয়েও চহৰখনৰ বৰপাৰাৰ মূল ৰাজপথত বন্ধৰ সমৰ্থনত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক দিলীপ বৰুৱাৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আক্ৰাছু নেতা-কৰ্মীসকলে ৰাজপথত টায়াৰ জ্বলোৱাৰ লগতে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ সিদ্ধান্ত বাতিল কৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে এক প্ৰেছ বিবৃতিত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে ঐতিহাসিক কমতাপুৰৰ ভূমিত কমতাপুৰ ৰাজ্য গঠনৰহে প্ৰাসংগিকতা আছে । কোনো বড়োলেণ্ড বা বড়োলেণ্ড কেন্দ্ৰীয়শাসিত অঞ্চল গঠনৰ যুক্তিযুক্ততা নাই ।

কমতাপুৰৰ ভূমিক পুনৰ খণ্ডিত কৰি কোচ ৰাজবংশীকে ধৰি সকলো কমতাপুৰী জনগণক নিঃশেষ কৰিবলৈ এনডিএফবিক মাধ্যম হিচাপে লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ।

আক্ৰাছু-যুৱ ছাত্ৰ সন্মিলনীৰ অসম বন্ধ : বঙাইগাঁৱত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

শান্তি আলোচনাৰ নামত অশান্তি সৃষ্টিৰ জৰিয়তে ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰি ২০১৯ৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যৰে এনডিএফবি নামৰ উগ্ৰপন্থী সংগঠনৰ লগত সঘনে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি এনে ষড়যন্ত্ৰমূলক আলেচনা শীঘ্ৰে বন্ধ কৰাৰো দাবী জনায় ।

নেতাদ্বয়ে বিবৃতিটোত আৰু কয় যে বিজেপি নেতৃত্বাধীন  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চক্ৰান্ত কৰি কোচ ৰাজবংশীসকলক স্বভূমিত অধিকাৰবিহীন কৰি লৈ জীয়াই থকাৰ নিম্নতম ব্যৱস্থাত অসুবিধাৰ সৃষ্টি কৰি কৌশলগতভাবে বিতাড়ন কৰাৰ দিশলৈ লৈ গৈছে ।

এটা সময়ত হত্যা আৰু ধনদাবীৰে বিএলটি, এনডিএফবিয়ে  সেই কাম কৰিছিল আৰু এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিজেপি দলৰ ৰাজনৈতিক স্বাৰ্থত কৌশলেৰে এই কাম কৰিবলৈ ওলাইছে ।

কিন্তু এই ষড়যন্ত্ৰ কেতিয়াও সফল হ'ব দিয়া নহ'ব । বিবৃতিটোত সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে কয় যে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীকে ধৰি বিভিন্ন কোচ ৰাজবংশী সংগঠনৰ লগত চৰকাৰে অক্টোবৰ মাহৰ ভিতৰতে জনগোষ্ঠীটোৰ সমস্যা সমাধাৰ বাবে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰাদান কৰিছিল ৷

কিন্তু সেই আলোচনা অনুষ্ঠিত কৰাৰ সলনি অক্টোবৰ আৰু নৱেম্বৰ মাহত এনডিএফবিৰ লগতহে দুলানি আলোচনা কৰা বিষয়টোৱে কোচ ৰাজবংশীসকলক যে বিজেপি চৰকাৰে পক্ষপাতিত্ব আৰু উপেক্ষাৰ কৰে তাৰ উদাহৰণ বুলিও কয় ৷ সেয়ে এই পক্ষপাতিত্ব বন্ধ কৰাৰ বাবেও চৰকাৰক নেতাদ্বয়ে দাবী জনায় ।

লগতে এনডিএফবিৰে আলোচনা অঞ্চলটোৰ শান্তিৰ স্বাৰ্থত নহয় বৰং ই এক ষড়যন্ত্ৰ বুলি দাবী কৰি নেতাদ্বয়ে প্ৰশ্ন কৰে যে শান্তিৰ বাবেই যদি চৰকাৰী হিচাবত অস্ত্ৰ ত্যাগ কৰা সশস্ত্ৰ সংগঠনৰ লগত চৰকাৰে আলোচনা কৰা নীতি লৈছে, তেতিয়াহ'লে অস্ত্ৰ ত্যাগ কৰা কেএলঅ' কিয় আলোচনাত নাই ? নেতাদ্বয়ে একেটা বিবৃতিটিতে কমতাপুৰ ৰাজ্য গঠনৰ বিষয়ত সাতদিনৰ ভিতৰত প্ৰধান মন্ত্ৰী পর্যায়ত ত্ৰিপাক্ষিক বৈঠকৰ দাবী জনায় ।

লগতে কমতাপুৰ ৰাজ্য গঠন আৰু এনডিএফবিৰে আলোচনা স্থগিত ৰখাৰ দাবীত ধাৰাবাহিক আন্দোলন চলাই যাব বুলি উল্লেখ কৰে । আনহাতে, আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক দিলীপ বৰুৱাই ক্ষোভেৰে কয় যে আমি কেতিয়াও কমতাপুৰৰ ভূমিত ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল বা কোনো বড়ো ৰাজ্য গঠন হ'বলৈ নিদিওঁ আৰু এই সম্পৰ্কত দিল্লীত এনডিএফবি আৰু এবছুৰ লগত আজি চৰকাৰে যি আলোচনা অনুষ্ঠিত কৰিছে তাৰ আমি বিৰোধিতা কৰিছো ৷

লগতে চৰকাৰক এই আলোচনা বন্ধ কৰিবলৈকো দাবী জনায় ৷ অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷ জিলা সভাপতিগৰাকীয়ে ইউটিচি গঠনৰ বিৰুদ্ধে শীঘ্ৰে আক্ৰাছুৱে জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷
 
 

Your Comments