চেঙাৰ পৰা সুৰজিৎ পাঠক
পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ শেষ দিনটোত বৰপেটা জিলাৰ চেঙাত পুনৰ কংগ্ৰেছ দলত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছ দল তথা স্থানীয় বিধায়ক শুকুৰ আলী আহমেদৰ চৰম বঞ্চনা তথা চেঙাত দলটোৰ প্ৰতি সাধাৰণ ৰাইজৰ ক্ৰমবৰ্ধিত আস্থাহীনতাৰ বাবে চেঙাত গভীৰ সংকটত পৰিছে কংগ্ৰেছ ।
উল্লেখ্য যে ২৪ নম্বৰ চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে কংগ্ৰেছ দলৰ প্ৰবল দাবীদাৰ আছিল নজিম আলী । কিন্তু স্থানীয় বিধায়ক শুকুৰ আলীৰ প্ৰবঞ্চনাৰ বাবে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় ২৮ বছৰ ধৰি নিষ্ঠাৰে কংগ্ৰেছ দলৰ সেৱা কৰি অহা চেঙা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নজিম আলী ।
বিপৰীতে এ আই উ ডি এফৰ পৰা কংগ্ৰেছ দলত যোগদান কৰা নতুন মুখ এখনক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষুব্ধ হৈ পৰে নজিম আলীকে ধৰি তেওঁৰ পাঁচ শতাধিক কংগ্ৰেছী সমৰ্থক ।
উল্লেখনীয় কথা এই যে অৱশেষত কংগ্ৰেছ নেতা নজিম আলীয়ে অসম গণ পৰিষদ দলত পাঁচ শতাধিক কংগ্ৰেছ কৰ্মী, বিষয়ববীয়া আৰু সমৰ্থকৰ সৈতে যোগদান কৰাই নহয়, অগপ দলৰ পৰা সভাপতি পদৰ প্ৰাৰ্থিত্ব লাভ কৰে মনোনয়ন-পত্ৰ দাখিলৰ শেষ দিনটোত ।
নজিম আলীয়ে অগপ দলত যোগদান কৰাত স্বাভাৱিকতে অগপ দলে চেঙা মুছলমানপাৰাত শক্তিশালী স্থিতিত উপনীত হৈছে ।
১৯৯০ চনৰ পৰা ২৮ বছৰে কংগ্ৰেছ দলৰ হৈ নিষ্ঠাৰে সেৱা আগবঢ়াই অহা চেঙা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নজিম আলীৰ পঞ্চায়তখনত এক বিশেষ দখল থকালৈ চাই পঞ্চায়তখন অগপই দখল কৰাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে ।
ইফালে নজিম আলীক অগপ দললৈ আদৰণি জনাই চেঙা সমষ্টিৰ নেতা ৰবিউল হুছেইন আৰু অমিয় কুমাৰ তালুকদাৰে অগপই এইবাৰ পঞ্চায়তত ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ।
- Log in to post comments
- 9 views