নগাঁৱত এ আই ইউ ডি এফ দলত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত : জিলা সভাপতিসহ দুই নেতাৰ পদত্যাগ

নগাঁৱত এ আই ইউ ডি এফ দলত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত : জিলা সভাপতিসহ দুই নেতাৰ পদত্যাগ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁও জিলাত দলীয় প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলত । দলটোৰ নগাঁও জিলাৰ একমাত্ৰ বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত ব্যাপক পৰিমাণৰ ধনৰ লেনদেনেৰে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ তুলিছে দলৰেই একাংশ নেতা-কৰ্মীয়ে ।

ইয়াকে লৈ জিলা পৰ্যায়ৰ একাংশ দলীয় নেতা-কৰ্মীৰ মাজত সংঘাত তুংগত উঠিছে । তাৰ বহিঃপ্ৰকাশ স্বৰূপে দলটোৰ জন্মলংগ্নৰে পৰা জড়িত নিষ্ঠাৱান কৰ্মী তথা দলটোৰ নগাঁও জিলাৰ সভাপতি মিঞা হুছেইন আৰু জিলা মহিলা মৰ্চাৰ সম্পাদিকা জিন্নতুন নেহাৰে আজি দল ত্যাগ কৰে ।

আজি দলটোৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদকলৈ প্ৰেৰণ কৰা পদত্যাগ-পত্ৰত মিঞা হুছেইনে উল্লেখ কৰা মতে, তেওঁ কিছুদিন পূৰ্বেও জিলা সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল যদিও দলৰ কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপত পুনৰ তেওঁ দায়িত্ব পালন কৰি আছিল ৷

শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে তেওঁৰ ভাতৃৰ সহযোগত এক ব্যৱসায়িক দৃষ্টিভংগীৰে ধনৰ বিনিময়ত দলীয় টিকট প্ৰদান কৰাৰ অভিযোগ উত্থাপিত কৰিছে একাংশ ক্ষোভিত নেতা-কৰ্মীয়ে ।

তদুপৰি, দলটোৰ এগৰাকী কেন্দ্ৰীয় নেতা চম্পক কলিতাই অকৰ্তৃত্বশীলভাৱে দলীয় নীতি-আদৰ্শক বিসৰ্জন দি দলীয় টিকট প্ৰদানত অযথা হস্তক্ষেপ কৰা কাৰ্যত বাৰুকৈ ক্ষুণ্ণ কৰি তুলিছে জিলা সভাপতি হুছেইনৰ লগতে দলৰ বহু নিষ্ঠাৱান নেতা-কৰ্মীক । সেয়ে জিলা সভাপতি মিঞা হুছেইনে পূৰ্বৰ পদত্যাগ-পত্ৰখন গ্ৰহণ কৰি তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিবলৈ অনুৰোধ জনাই পুনৰ ইস্তফা-পত্ৰ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে দলটোৰ জিলা সভাপতি মিঞা হুছেইনক জিলাখনত পঞ্চায়ত সভাপতি আৰু আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰস্তুত কৰিবলৈ কৰ্তৃত্ব দি বিভাগীয় 'এ' ফৰ্মযোগে দলটোৰ কেন্দ্ৰীয় সম্পাদকে জিলা নিৰ্বাচনী বিষয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

কিন্তু ইমানৰ পিছতো জিলাখনৰ বিশেষকৈ ধিং সমষ্টিৰ অধিকাংশ দলীয় টিকট বিধায়ক আমিনুল ইছলামে তেওঁৰ বিধায়কৰ অশোক স্তম্ভ থকা ৰাইটিং পেডত স্বাক্ষৰ কৰি দিয়া প্ৰাৰ্থিত্বৰ তালিকাখন বাহল থাকে ।

উত্থাপিত অভিযোগ অনুসৰি, দলৰ একাংশ সক্ৰিয় তথা নিষ্ঠাৱান কৰ্মীক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে দলীয় মনোনয়ন দাখিলৰ দুই/এদিনৰ পুৰ্বে আন দলৰ পৰা এ আই ইউ ডি এফত যোগদান কৰা বহু লোকক একমাত্ৰ ধনৰ লালসাত টিকট প্ৰদান কৰিছে ।

বিধায়ক আমিনুলৰ নিজৰ সমষ্টিৰ অন্তৰ্গত জেঙনী-কলাডুবা আৰু জাৰামাৰি গাঁও পঞ্চায়ত দুখনত সভাপতি পদৰ মনোনীত প্ৰাৰ্থী দুগৰাকী পুৰ্বে এ আই ইউ ডি এফৰ কোনো সদস্য নাছিল বুলি অভিযোগ উঠিছে ।

ইয়াৰে জেঙনী-কলাডুবা গাঁও পঞ্চায়তৰ সভাপতি পদৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি এ আই ইউ ডি এফৰ নগাঁও জিলাৰ মহিলা মৰ্চাৰ সম্পাদিকা জিন্নতুন নেহাৰে আবেদন কৰিছিল যদিও শেষ মুহূৰ্তত বিধায়কগৰাকীৰ হস্তক্ষেপত টিকট প্ৰদান কৰা নহ'ল ।

যাৰবাবে প্ৰবীণ নেত্ৰীগৰাকী ক্ষুব্ধ হৈ দল ত্যাগ কৰা বুলি বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে । ইপিনে, অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছ, বিজেপি আৰু অগপ দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলাৰ সময়তে এ আই ইউ ডি এফ দলৰ ৰহস্যজনক ভূমিকাই জিলাখনত ৰাইজৰ মাজত বিশেষ চৰ্চা আৰম্ভ হৈছে ।

এসময়ত নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত ধিং, বটদ্ৰৱা, ৰূপহীহাট আনকি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰহা সমষ্টিতো এ আই ইউ ডি এফ দলৰ বিশেষ আধিপত্য আছিল । বিগত ২০১১ৰ বিধানসভা নিৰ্বাচনত জিলাখনৰ ধিং, ৰূপহীহাট বিধানসভা সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আমিনুল ইছলাম আৰু মজিবুৰ ৰহমান বিজয়ী হোৱাৰ বিপৰীতে ৰহা সমষ্টিত দলটোৰ প্ৰাৰ্থীয়ে ৩৮,৪৪৭টা ভোট আৰু বটদ্ৰৱা সমষ্টিত ৪০,৭৯৩টা ভোট দখলেৰে দ্বিতীয় স্হানত আছিল ।

২০১৬ৰ বিধানসভাৰ নিৰ্বাচনতো দলটোৱে ধিং সমষ্টিত বিজয়ী হোৱাৰ লগতে ৰূপহীহাট, ৰহা আৰু বটদ্ৰৱা সমষ্টিত সন্তোষজনক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু দলটোৰ বিধায়ক, নেতাসকলৰ অদক্ষতা, সংখ্যালঘু ৰাইজক কৰি অহা বঞ্চনা, সন্দেহজনক ৰাজনৈতিক স্হিতি, নেতা-কৰ্মীৰ সমন্বয়হীনতাৰ বাবেই শেহতীয়াকৈ সাংগঠনিক ভেটি অতি দুৰ্বল হৈ পৰে ।

এনে অৱস্হাতে ধৰ্মীয় সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰি অহা এ আই ইউ ডি এফ দলে সমাগত পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলা পৰিষদৰ মুঠ ২৯টা জিলা পৰিষদ সমষ্টিৰ ভিতৰৰ মাত্ৰ ১০টা জিলা পৰিষদ সমষ্টিতহে দলীয় প্ৰাৰ্থী থিয় কৰোৱা কাৰ্যই দলটোৰ ভেটিত যে তিতালাউ গজিব ধৰিছে তাকেই প্ৰতীয়মান কৰিছে বুলি ৰাইজে মন্তব্য কৰিছে ।

ইপিনে, দলটোৰ সভাপতি বদৰুদ্দিন আজমল আৰু অন্য নেতাসকলে এ আই ইউ ডি এফ দলটো সাম্প্ৰদায়িক দল নহয় বুলি মাজে-সময়ে দাবী কৰি আহিছে যদিও দলটোৰ নেতাসকলৰ কাৰ্যলাপে ই যে সাম্প্ৰদায়িক দললৈ পৰ্যৱসিত হৈছে তাকেই সাব্যস্ত কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে ।

এ আই ইউ ডি এফ দলৰ সাম্প্ৰদায়িক চৰিত্ৰ পুনৰবাৰ প্ৰকট কৰি তুলিছে দলটোৱে নগাঁও জিলা পৰিষদৰ দহটা জিলা পৰিষদ সমষ্টিৰ বাবে ইতিমধ্যেই প্ৰকাশ কৰা দলীয় প্ৰাৰ্থীৰ তালিকাখনে ।

কিয়নো দলটোৱে যি দহটা জিলা পৰিষদ সমষ্টিত নিজা প্ৰাৰ্থী থিয় কৰাইছে তেওঁলোক আটাইকেইজনেই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ । দলটোৱে এজনো হিন্দু লোকক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই । এজনো হিন্দু লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰি দলটোৱে নিজা সাম্প্ৰদায়িক চৰিত্ৰ 
উদঙাইছে ।

এ আই ইউ ডি এফ দলে নগাঁও জিলাৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত গড়াজান, শিঙিমাৰী, কাছমাৰী, বাজিয়াগাঁও জিলা পৰিষদ সমষ্টিত নিজা প্ৰাৰ্থী থিয় নকৰোৱাটো অতি ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে ।

তাৰোপৰি, হিন্দু ভোটাৰৰ আধিপত্য থকা এটাও জিলা পৰিষদ সমষ্টিত দলটোৱে এজনো লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰাটোৱেও বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে ।

জিলাখনৰ কংগ্ৰেছ আৰু বিজেপি দলৰ কোনো কোনো নেতাক সন্তুষ্ট কৰিবলৈকে ভোট বিভাজন নঘটাবলৈ দলটোৱে প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বিৰত থকা বুলিও ৰাইজৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে । 

Your Comments