চকলাঘাট ফুটবল টুৰ্ণামেণ্টত ভোমোৰাগুৰি ক্ৰীড়া একাদশ চেম্পিয়ন

চকলাঘাট ফুটবল টুৰ্ণামেণ্টত ভোমোৰাগুৰি ক্ৰীড়া একাদশ চেম্পিয়ন

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

নগাঁও জিলাৰ চকলাঘাট আঞ্চলিক ক্ৰীড়া  সন্থাৰ উদ্যোগত আয়োজিত প্ৰয়াত দীনকান্ত বৰা, হেমকান্ত ভূঞা, মহেশ্বৰী ভূঞা সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি পৰিছে ।

চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল খেলখনিত ভোমোৰাগুৰি ক্ৰীড়া একাদশে শ্বাইনছ এণ্ড ক্ৰিয়েচন থলুৱা এফ চিক ১-০ গ'লৰ ব্যৱধানত পৰাভূত কৰি চেম্পিয়ন হয় ।

সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচখনিত ভোমোৰাগুৰি ক্ৰীড়া একাদশৰ হৈ সমৰজ্যোতি বৰদলৈয়ে দ্বিতীয়াৰ্ধৰ ষষ্ঠ মিনিটত দিয়া একমাত্ৰ গ'লেৰে বিজয় সাব্যস্ত কৰে ভোমোৰাগুৰি দলটোৱে ।

চকলাঘাট ফুটবল টুৰ্ণামেণ্টত ভোমোৰাগুৰি ক্ৰীড়া একাদশ চেম্পিয়ন

খেল আৰম্ভ হোৱাৰ পূৰ্বে বৃহত্তৰ হাতীচোং অঞ্চলৰ ১০গৰাকীকৈ প্ৰবীণ খেলুৱৈক সন্মান জনাই এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সম্বৰ্ধনা জনোৱা প্ৰবীণ খেলুৱৈকেইগৰাকী ক্ৰমে- অশোক বৰঠাকুৰ, বগীৰাম বৰা, কমল কটকী, থানেশ্বৰ বৰা, পোহৰ বৰা, লক্ষেশ্বৰ বৰা, গম্ভীৰ শইকীয়া, অতুল শইকীয়া, যতীন্দ্ৰ মোহন বৰা আৰু কাৰাটেত ৰাজ্যিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰা পংকজ মুদৈ ।

ফাইনেল খেলখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট শিল্পী তথা প্ৰবীণ ক্ৰীড়াবিদ গম্ভীৰ শইকীয়াই । ইপিনে খেলৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় হকী ফেডাৰেচনৰ কোষাধ্যক্ষ তপন দাস, নগাঁও ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক উজ্জ্বল বৰুৱা, নগাঁও জিলা নেহৰু যুৱক কেন্দ্ৰৰ সমন্বয়কদ্বয় পলী দেৱী আৰু হিমাংশুজ্যোতি বৰা, বিশিষ্ট সমাজকৰ্মী বীৰেণ লালুং, নিজ হাতীচোং পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী পুণ্যপ্ৰভা বণিয়া, ক্ষীতেশ্বৰ বৰা, লৱকান্ত শৰ্মা আদি বিশিষ্ট ব্যক্তিসকলে অংশ লয় ।

গীত-নৃত্যৰ সমাহাৰ হোৱা উদ্বোধনী অনুষ্ঠানটোত মানস প্ৰতীম বৰা, অনুৰাগ কাশ্যপ, কৃষ্ণাভজিৎ শইকীয়া, বৰ্ণালী বৰা, ৰিকিগুন, গীতালী, তনুশ্ৰী আদিয়ে গীত-নৃত্য পৰিবেশন কৰে ৷ আনহাতে, নিশা অনুষ্ঠিত এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত বঁটাসমূহ বিতৰণ কৰা হয় ।

Your Comments