নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
বিগত আঠ মাহে প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈ আছে ৰাজ্যৰ কম্পিউটাৰ শিক্ষকসকল । ইফালে চৰকাৰে নিত্য নতুন চৰ্ত সংযোজন কৰাৰ বাবে অধিকাংশ কম্পিউটাৰ শিক্ষকে পোন্ধৰ বছৰে কাম কৰি থকা চাকৰিটো হেৰুৱাই কৰ্মহীন হৈ পৰিছে ।
কম্পিউটাৰ শিক্ষকৰ পদসমূহ স্থায়ী কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰে আঁভুৱা-ভাৰি আহিছে ৰাজ্য চৰকাৰে । এনে সমস্যাসমূহক লৈ জংগী হৈ পৰাৰ হুংকাৰ দিছে দেওবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত বেংগলী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সাধাৰণ সভাত ।
ৰাজ্যৰ প্ৰতিখন জিলাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকৰ উপস্থিতিত হেমচন্দ্ৰ বৰদেউৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাই শীঘ্ৰে সমস্যাসমূহ সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।
দীৰ্ঘকালে এনে বহু সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ কম্পিউটাৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ আঁভুৱা-ভাৰা স্থিতিক সমালোচনা কৰে । কম্পিউটাৰ শিক্ষকসকলৰ অভিযোগ অনুসৰি ২০০৪ চনৰে পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে যদিও সুদীৰ্ঘ পোন্ধৰ বছৰে ন্যায় পাবলৈ সক্ষম নহ'ল ।
চৰকাৰে বাৰে বাৰে প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে এই শিক্ষকসকলক । প্ৰথম অৱস্থাত ব্যক্তিগত খণ্ডৰে আৰম্ভ কৰা "ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা অভিযান" নামেৰে নামকৰণ কৰা হৈছিল ।
এই আচঁনিৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থী স্নাতক আৰু কম্পিউটাৰ বিভাগত ন্যূনতম এবছৰীয়া ডিপ্লমাৰ চৰ্ত নিৰ্ধাৰণ কৰা হৈছিল । মাহে কেৱল ১৫০০ টকা মাননিৰে আৰম্ভ কৰা আঁচনিখন ২০১২ চনত পুনৰ "ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা অভিযান" নামৰে নামকৰণ কৰা হয় আৰু দৰমহা বৃদ্ধি কৰি ১০,০০০ টকাকৈ প্ৰদান কৰা হয় ।
ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ লগে লগে এই আচঁনিৰ নাম সলনি কৰি "ডঃ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অভিযান" কৰে ।
কিন্তু পৰিতাপৰ কথা যে নাম সলনি কৰিলে যদিও দৰমহা বৃদ্ধি নকৰিলে । সময়ে সময়ে একে আঁচনিখনৰ নাম সলনি কৰি প্ৰায় ১৫ বছৰে আঁভুৱা-ভাৰি আহিছে ৰাজ্য চৰকাৰে ।
লক্ষণীয় যে এইসকল শিক্ষকক পূৰ্বৰ ব্যক্তিগত খণ্ডৰ পৰা আনি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষাৰ অধীনত নিযুক্তি দিলে যদিও আজি আঠমাহে ফুটাকড়ি এটাও পাবলৈ সক্ষম নহ'ল ।
উল্লেখ্য যে এই সভাতে ৰুকুনউদ্দিন আহমেদক সভাপতি আৰু পাপুল শইকীয়াক সম্পাদকৰূপে লৈ ৩৬জনীয়া সদস্যৰে সদৌ অসম কম্পিউটাৰ শিক্ষকৰ নতুন সমিতিখন গঠন কৰা হয় । সভাত কম্পিউটাৰ শিক্ষকসকলক বিনাচৰ্তে চাকৰি নিয়মীয়া কৰা, বৰ্তমানেও নিযুক্তি নোপোৱা শিক্ষকৰসকলক নিযুক্তি প্ৰদান কৰা, অনাদায় দৰমহা শীঘ্ৰে মুকলি কৰা, নতুন শিক্ষা বৰ্ষৰ পৰা ঐচ্ছিক কম্পিউটাৰ বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজীৰ পৰিৱৰ্তে মাতৃভাষালৈ ৰূপান্তৰ কৰা আদি চৰকাৰৰ ওচৰত দাবী জনোৱা হয় ।
- Log in to post comments
- 50 views