প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ মৃত্যুত বইটামাৰীত শোক

প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ মৃত্যুত বইটামাৰীত শোক

দক্ষিণ অভয়াপুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক, তৰুণ গগৈ চৰকাৰৰ দিনৰ কেবিনেট মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী চন্দন সৰকাৰৰ আজি পুৱা আকস্মিক মৃত্যুত সমষ্টিটোৰ আন প্ৰান্তৰ লগতে বইটামাৰীতো শোকৰ ছাঁ পৰিছে ।

বইটামাৰীৰ কংগ্ৰেছ কৰ্মীৰ লগতে ৰাইজেও নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । চন্দন সৰকাৰৰ উদ্যোগতে 1995 চনতে বইটামাৰীত স্থাপিত ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলো আজি শোকত ম্ৰিয়মাণ হৈ পৰে ।

মহাবিদ্যালয় কৰ্ত্তৃপক্ষই আজি শোক প্ৰকাশ কৰাৰ লগতে প্ৰয়াত নেতাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসভা অনুষ্ঠিত কৰে ।

উল্লেখ্য যে বইটামাৰীৰ দৰে অঞ্চলত উচ্চ শিক্ষাৰ এক পৰিৱেশ দিবৰ বাবে তেখেতৰ উদ্যোগতে মহাবিদ্যালয়খন স্থাপন কৰি ভাৰতৰ প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নামেৰে মহাবিদ্যালয়খন নামকৰণ কৰিছিল ।

বইটামাৰী অঞ্চলৰ আন বহু উন্নয়নমূলক কামতো জড়িত আছিল প্ৰয়াত নেতাগৰাকী ।

Your Comments