জামুগুৰি গৰখীয়া থান মণিকূটৰ ঘাইখুঁটা স্থাপন

111111111111

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

হৰিনাম কীৰ্তন, ১৩০গৰাকী আয়তীৰ উৰুলি-মাংগলিক ধ্বনিৰে আজি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল নগাঁৱৰ ঐতিহাসিক জামুগুৰি গৰখীয়া থান । এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আজি স্থাপন কৰা হ'ল সাৰ্বজনীন গৰখীয়া থানখনিৰ নতুনকৈ নিৰ্মাণ হ'বলগা মণিকূটৰ ঘাইখুঁটা ।

সহস্ৰাধিক ভক্তপ্ৰাণ বাপ-আইমাতৃৰ উপস্থিতিত আজি মণিকূটৰ ঘাইখুঁটা স্থাপন কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ মোহিত চন্দ্ৰ দেৱগোস্বামীয়ে । ১৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগা মণিকূট আৰু কীৰ্ত্তন ঘৰটিৰ শোভাবৰ্ধন কৰিব সাতখলপীয়া আসনে ।

অঞ্চলবাসীৰ লগতে জিলাখনৰ কেইবাজনো অগ্ৰণী ব্যক্তিৰ আৰ্থিক সাহায্যৰে তিনিটা শতক গৰকা এই থানখনিৰ মণিকূট-কীৰ্তনঘৰ নিৰ্মাণৰ কাম চলিত সপ্তাহৰ পৰাই আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে থানখনিলৈ পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত তালুকদাৰ, ব্যৱসায়ী কাৰ্তিক সাহাই ১ লাখ টকাকৈ আগবঢ়োৱাৰ লগতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ১৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি থান পৰিচালনা সমিতি তথা নিৰ্মাণ সমিতিৰ সম্পাদকে জানিবলৈ দিয়ে ।

উল্লেখ্য যে সৰ্বমুঠ ২ কোটি ৫০ লাখ টকা ব্যয়েৰে মণিকূটৰ লগতে পৰ্যায়ক্ৰমে পুথিভঁৰাল, অতিথিশালা, ৰান্ধনিশাল আৰু ভোজনালয়ৰ নিৰ্মাণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি থান পৰিচালনা সমিতিয়ে জনাইছে ।

Your Comments