সমাগত নিৰ্বাচনৰ বাবে বাংলাদেশ চৰকাৰৰ গৃহ বিভাগে নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ বিষয়ত নিষেধাজ্ঞা আৰোপ কৰিছে ৷
যিসময়ত সমগ্ৰ বিশ্বই নৱবৰ্ষ উদ্যাপনত ব্যস্ত হৈ থাকিব, সেই সময়ত বাংলাদেশৰ নাগৰিকে কিন্তু ইয়াৰ পৰা বঞ্চিত হ'ব ৷
বাংলাদেশ চৰকাৰৰ গৃহ বিভাগৰ মন্ত্ৰী আছাদ্দাৰ জামান খান কামালে গৃহ বিভাগৰ বৈঠকত কয় যে অহা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত ৰাজহুৱা স্থানত পাৰ্টী, নৃত্য কৰিব নোৱাৰিব, ফটকা ফুটাব নোৱাৰিব, বাৰ-হোটেল আদিতো নৱবৰ্ষ উদ্যাপন কৰিব নোৱাৰিব ৷
- Log in to post comments
- 7 views