বৰপেটাৰোডৰ পৰা ৰণজিত তালুকদাৰ
বৰপেটাৰোড ৰাস মহোৎসৱ আৰু উপহাৰ-পত্ৰ খেল পৰিচালনা সমিতিৰ এক বিবৃত্তিত প্ৰকাশ পোৱা মতে অহা ৯ ডিচেম্বৰৰ ৰাস মহোৎসৱৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী এদিন পিছুৱাই দিয়া হৈছে ৷
নামনি অসমত অহা ৯ ডিচেম্বৰ ৰবিবাৰে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নির্বাচন উপলক্ষে কাৰ্যসূচীৰ এই সালসলনি ঘটোৱা বুলি ৰাস সমিতিয়ে প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে উক্ত পঞ্চায়ত নির্বাচনৰ পৰিপ্ৰেক্ষিতত বৰপেটা জিলা প্রশাসনৰ নির্দেশমর্মে নিৰাপত্তাজনিত কাৰণত ৰাস মহোৎসৱৰ সমূহ কাৰ্যসূচী এদিন পিছুৱাই দিয়া হৈছে বুলিও সমিতিখনে জানিবলৈ দিয়ে ৷
সেয়েহে বৰপেটাৰোড সার্বজনীন ৰাস মহোৎসৱৰ জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়া আৰু উপহাৰ-পত্র খেলখন পূর্বে নিৰ্ধাৰিত ৯ ডিচেম্বৰৰ পৰিৱর্তে অহা ১০ ডিচেম্বৰত নিৰ্ধাৰিত সময়ত অনুষ্ঠিত হ'ব বুলিও বিবৃত্তিযোগে জনাইছে ।
আনহাতে, ৰাস মহোৎসৱ উদ্যাপন সমিতিয়ে অনিচ্ছাকৃত এই অসুবিধাৰ দুখ প্ৰকাশ কৰাৰ লগতে ৰাইজৰ সহযোগিতা পূৰ্বৰ দৰেই কামনা কৰিছে ।
- Log in to post comments
- 22 views