কমতাপুৰৰ ভূমিত বড়োসকলে ৰাজ্য দাবী কৰাৰ যুক্তি নাই : অৰুণ কুমাৰ ৰায়

কমতাপুৰৰ ভূমিত বড়োসকলে ৰাজ্য দাবী কৰাৰ যুক্তি নাই : অৰুণ কুমাৰ ৰায়

"কমতাপুৰৰ ভূখণ্ডত কোনো ক্ষেত্ৰতে অইন ৰাজ্য গঠন হ'বলৈ নিদিওঁ ৷ কমতাপুৰৰ ভূমিত কেৱল কমতাপুৰ ৰাজ্যহে গঠন হ'ব লাগিব ৷ ইয়াৰ অন্যথা যদি কোনো বড়োলেণ্ড ৰাজ্য অথবা ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল আদি গঠন কৰা হয় তেতিয়াহ'লে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব ৷

আমি কোনো কাৰণতে কোচ ৰাজবংশী জনগোষ্ঠীটোক নিঃশেষ কৰাৰ বিজেপি চৰকাৰৰ এনে হঠকাৰী পদক্ষেপক মানি নলওঁ ৷" এই মন্তব্য সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ ৷

দেওবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সমস্যাসমূহলৈ পিঠি দি শেহতীয়াকৈ অস্ত্ৰধাৰী অগণতান্ত্ৰিক সংগঠনৰ লগত আলোচনা কৰি কমতাপুৰৰ ঐতিহাসিক ভূমিত বড়োলেণ্ড ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ ক্ষেত্ৰতহে গুৰুত্বাৰোপ কৰিছে ৷

চৰকাৰে লোৱা এই পদক্ষেপক আক্ৰাছুৱে তীব্ৰ বিৰোধিতা কৰা বুলি মন্তব্য কৰি বিজেপি চৰকাৰে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবী কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিও কেৱল প্ৰতাৰণা কৰিহে আছে বুলি কয় ৷

ছয় মাহৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে এতিয়া আলোচনাৰ নামতো ভেঁকো-ভাওনাহে কৰি আহিছে ৷ ত্ৰিপাক্ষিক আলোচনাও অনুষ্ঠিত নকৰিলে ৷

সেয়ে বিজেপি চৰকাৰে যি ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ পৰিকল্পনা কৰিছে তাক আমি কোনো ক্ষেত্ৰতে মানি নলওঁ আৰু ইয়াৰ প্ৰতিবাদত এই ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনোৱা বুলিও কয় ৷

সংবাদমেলত আক্ৰাছুৰ সভাপতি ৰায়ে কয় যে অসম বন্ধৰ আহ্বান জনোৱাৰ আমাৰ ইচ্ছা নাছিল ৷ কিন্তু আমাক চৰকাৰে বন্ধ দিবলৈ বাধ্য কৰাইছে ৷ কাৰণ এই বিজেপি দলেই বিগত ২০০৩ চনত কেন্দ্ৰত শাসনত থকাৰ সময়তে বিটিচি দিছিল ৷

এইবাৰ আকৌ কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপি চৰকাৰে বিটিচিক উন্নীত কৰি বড়োসকলক সন্তুষ্ট কৰাৰ বাবে ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ সিদ্ধান্ত প্ৰায় সম্পুৰ্ণ কৰিছে ৷

যাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনোৱা হৈছে বুলি কয় ৷ পূৰ্বে আমাক বন্দুকেৰে ভয় দেখুৱাই এটা সময়ত তেওঁলোকে বিএচি লৈছিল ৷ বিএচিৰ পিচত বিটিচি ল'লে আৰু এতিয়া ৰাজ্য গঠনৰ ষড়যন্ত্ৰ চলিছে ৷

কিন্তু কোচ ৰাজবংশীসকলক নিঃশেষ কৰি যি ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ পৰিকল্পনা চলিছে তাক আমি মানি নলওঁ ৷ বড়োসকলে যি ৰাজ্য বিচাৰিছে তাৰ যুক্তি থাকিব লাগিছিল ৷ যুক্তি থাকিলে আমি নিশ্চয় সমৰ্থন জনালোঁহেঁতেন ৷

কিন্তু ৰাজ্য বিচৰাৰ কোনো যুক্তিয়েই নাই ৷ কাৰণ ইয়াত যিহেতু কমতাপুৰ ৰাজ্য আছিল তাত বড়োসকলে ৰাজ্য দাবী কৰাৰ যুক্তি নাহে ৷ যদিহে বড়োসকলৰ আন ক'ৰবাত ৰাজ্য আছিল, তেতিয়াহ'লে তেওঁলোকে তাত বিচাৰক ৷

আমি তাক সমৰ্থন কৰিম ৷ আমাৰ স্পষ্ট কথা, কমতাপুৰৰ ভূমিত কমতাপুৰৰ বাহিৰে আন কোনো 'লেণ্ড' হ'বলৈ নিদিওঁ ৷ আমাৰ দেহত এটোপাল তেজ থকালৈকে আমি প্ৰতিবাদ কৰি যাম ৷

আনহাতে, সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে একেখন অসমতে থকা কোনো এটা জনগোষ্ঠীৰ সমস্যা সমাধানক লৈ বিজেপি চৰকাৰ উঠি-পৰি লাগিছে যদিও কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যালৈ কিন্তু পিঠি দিছে ৷

আনকি মন্ত্ৰী ভৱেশ কলিতাই নিজে এবছুক লৈ গৈ দিল্লীত গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰিছিল ৷ আক্ৰাছু নেতাগৰাকীয়ে বিজেপি চৰকাৰে ইতিহাস থকা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদি ইতিহাস নথকা জনগোষ্ঠী এটাৰ সমস্যা সমাধানৰ বাবেহে চৰকাৰখনে উঠি-পৰি লগা কাৰ্যক দুৰ্ভাগ্যজনক বুলিও কয় ৷

আনহাতে, দিল্লীত অনুষ্ঠিত বৈঠকত অনাবড়ো প্ৰতিনিধি উপস্থিত থাকি ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ ক্ষেত্ৰত আপত্তি নথকা বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি প্ৰকাশ পোৱা বিষয়টো সন্দৰ্ভত সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এয়া সঁচা নহয় ৷ বিভিন্ন অবড়ো সংগঠনে ইতিমধ্যে বৈঠকত যোগদান কৰা নাই বুলি প্ৰকাশ কৰিছে ৷

কিন্তু যদিহে বৈঠকত কোনো অবড়ো প্ৰতিনিধি অংশগ্ৰহণ কৰিছিল, তেতিয়াহ'লে তেওঁলোক এই অঞ্চলৰ ভূমিপুত্ৰ নহয় ৷ আন ঠাইৰ পৰা অহা অবৈধ লোক হ'ব আৰু নিশাৰ ভিতৰতে লুটি বাগৰ মৰা দালাল হ'ব ৷

নেতাগৰাকীয়ে চৰকাৰক কোন অবড়ো প্ৰতিনিধিয়ে আলোচনাত বহিছিল সেইসকলৰ নাম প্ৰকাশ কৰাৰ বাবেও দাবী জনায় ৷ কাৰণ বিটিচি গঠনৰ পিচত সেই অঞ্চলত থকা অন্যান্য জাতি-জনগোষ্ঠীৰ লোকসকল তিল তিল কৈ জীয়াই থকাৰ লগতে সম-অধিকাৰ, সম-মৰ্যাদা, ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিক অধিকাৰ আদিৰ পৰা বঞ্চিত হৈ থকাৰ পিচত পুনৰ ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ সমৰ্থন কেতিয়াও নকৰে ৷

ভয়-ভাবুকিৰে আৰু আমাৰ আন্দোলনক স্তব্ধ কৰিব নোৱাৰে ৷ ইতিমধ্যে ইউটিচি গঠনৰ বিৰুদ্ধে আক্ৰাছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে অবড়ো বিভিন্ন জাতীয় দল-সংগঠনে সমৰ্থন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ৷ সেয়ে প্ৰথমে কোচ ৰাজবংশীসকলৰ দাবী সমাধান নকৰি ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠন কৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷

লগতে বিজেপি চৰকাৰে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ নামত যদি কোচ ৰাজবংশীসকলক প্ৰতাৰণা কৰি থাকে তেতিয়াহ'লে ৰাইজ ৰাজপথলৈ ওলাই আহি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'লে তাৰবাবে আক্ৰাছুৰ কৰিবলগীয়া একো নাথাকিব বুলি কৈ ইয়াৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলিও সকীয়াই দিয়ে ৷

আমি কমতাপুৰ-জনজাতিকৰণৰ দাবীত আন্দোলন অব্যাহত ৰখাৰ সময়তে আমাক আলোচনাৰ নামত কেৱল ভেঁকো-ভাওনা কৰি অহা বিজেপি চৰকাৰখনে আমাৰ লগত আলোচনা নকৰি আন এটা জনগোষ্ঠীৰ লগত আলোচনাৰ ওপৰত আলোচনা কৰি সেই জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ নামত ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ প্ৰস্তুতি চলাইছে ৷

আমি ইয়াৰ বিৰোধিতা কৰিছো আৰু ইয়াৰ বিৰুদ্ধে এই বন্ধৰ আহ্বান জনাইছো ৷ উল্লেখ্য যে অসম বন্ধৰ কাৰ্যসূচীৰ সময়ত পৰীক্ষা, পানী যোগান, গাখীৰ যোগান, চিকিৎসা সেৱা তথা এম্বুলেন্সকে ধৰি জৰুৰীকালীন সেৱাক ৰেহাই দিয়া বুলিও কয় ৷ লগতে সকলোকে শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰিবলৈকো নেতাগৰাকীয়ে আহ্বান জনায় ৷

উল্লেখ্য যে আক্ৰাছুৰ কাৰ্যালয়ত দেওবাৰে আক্ৰাছু, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাও অনুষ্টিত হয় আৰু সভাত বিজেপি চৰকাৰে জনগোষ্ঠীটোক কৰি অহা প্ৰতাৰণাক ধিক্কাৰ জনায় ৷

সেইদৰে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনৰ সময়ত বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনক লৈ দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে, অহা ২০ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰিবলগীয়া ৰাইজ মেল আৰু ২২ নৱেম্বৰত জিলাই জিলাই ৰূপায়ণ কৰিবলগীয়া মটৰচাইকেল সমদল কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰো প্ৰস্তাৱ গ্ৰহণ কৰে ৷

একেদৰে পঞ্চায়ত নিৰ্বাচনত বিজেপিক এসেকা দিব বুলি সকীয়াই দি অতিশীঘ্ৰে কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী সমাধান কৰাৰ বাবেও চৰকাৰক দাবী জনায় ৷ সংবাদমেলত কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰৰ লগতে কে'বাগৰাকীও আক্ৰাছু নেতা-কৰ্মী উপস্থিত আছিল ৷
 

Your Comments