মৰিগাঁৱৰ পৰা জিতুমণি নাথ
তিৱা যুৱ ছাত্ৰ পৰিষদৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীয়ে ৰত্নেশ্বৰ দেউৰীৰ গোটে মৰিগাঁও নগৰৰ বিহুতলীত আৰু খগেন বৰদলৈৰ গোটে এজাৰবাৰী মেৰুৱাগাঁৱত উদ্যাপন কৰে ।
ৰত্নেশ্বৰ দেউৰীৰ গোটত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে খগেন চন্দ্ৰ বৰদলৈৰ গোটত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।
দুয়োটা গোটে পৃথকে পৃথকে উদ্যাপন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি খগেন চন্দ্ৰ বৰদলৈ গোটত পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে সভাপতি খগেন চন্দ্ৰ বৰদলৈয়ে আৰু স্মৃতি তৰ্পণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে সম্পাদক কৃষ্ণ কোঁৱৰে ।
ইয়াৰ পিছতে খগেন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত আৰু সম্পাদক কৃষ্ণ কোঁৱৰে আঁতধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে কয়- প্ৰথমে আমি জাতিটোৰ কথাহে চিন্তা কৰিব লাগিব । তাৰ পিছতহে অন্যান্য দল-সংগঠনৰ কথা চিন্তা কৰাটো প্ৰয়োজন ।
কাৰণ জাতিটো ৰাজনৈতিকভাৱে সচেতন নহ'লে সকলো সময়তে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় । সেয়ে ৰাজনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে ৰাজনৈতিক সচেতনতা প্ৰয়োজন বুলি মন্তব্য কৰে ।
জাতীয় ঐক্য মঞ্চৰ কাৰ্যকৰী সভাপতি জীৱন চন্দ্ৰ কোঁৱৰে উদ্বোধন কৰা সভাখনত জাতীয় ঐক্য মঞ্চৰ মুখপাত্ৰ অজিত ডেকা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ললিত চন্দ্ৰ পাচনি, কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰদীপ ডেকা, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক শিৱাজী ডেকাই ভাষণ প্ৰদান কৰা সভাখনত তিৱা জাতীয় সংগঠনৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে ।
ইফালে মৰিগাঁও নগৰৰ বিহুতলীত ৰত্নেশ্বৰ দেউৰীৰ গোটত পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে সভাপতি দিলীপ বৰদলৈয়ে ৷ বন্তি প্ৰজ্বলন কৰে উপ-সভাপতি ৰজনীকান্ত বৰদলৈ আৰু স্মৃতি তৰ্পণ কৰে সম্পাদক ৰত্নেশ্বৰ দেউৰীয়ে ।
দুপৰীয়া সভাপতি দিলীপ বৰদলৈৰ সভাপতিত্বত আৰু সম্পাদক ৰত্নেশ্বৰ দেউৰীয়ে আঁতধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই কয়- এক দীঘলীয়া সংগ্ৰামৰ অন্তত তিৱা জাতিয়ে নিজৰ জাতিটো উন্নয়নৰ বাবে এক সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ।
কিন্তু জাতিটো উন্নয়নত বাধা দিবলৈ একাংশ ন্যস্তস্বাৰ্থ জড়িত লোকৰ প্ৰৰোচনাত জাতীয় সংগঠনসমূহক কেইবাটাও ভাগত বিভক্ত কৰি তিৱা জাতীয় সংগ্ৰামখনক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ চলাই আহিছে ।
এইক্ষেত্ৰত তিৱা জনগোষ্ঠীয় ৰাইজে ইতিমধ্যে সকলোবোৰ কথা বুজি উঠিছে । সেয়ে তিৱা জাতীয় সংগ্ৰামখনক শক্তিশালী কৰাৰ স্বাৰ্থত বিভক্ত হৈ থকা সংগঠনসমূহক একত্ৰিত হ'বলৈ আহ্বান জনায় ।
সভাত তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতি, চিদাম দেউৰী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ, মৰিগাঁও বিজেপিৰ জ্যেষ্ঠ নেতা ভদ্ৰকান্ত নাথকে আদি কৰি তিৱা জাতীয় সংগঠনৰ ভালেকেইজন নেতাই অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 16 views