ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
হোজাইৰ প্ৰতিষ্ঠিত সামাজিক সংগঠন ছাছ ছ'চাইটীয়ে চলিত বৰ্ষৰ 'ছাছ' (SAS) সাহিত্য বঁটা প্ৰদান কৰে হোজাই জিলাৰ ৮গৰাকীকৈ প্ৰতিষ্ঠিত নবীন-প্ৰবীণ লেখক-সাহিত্যিক-কবিলৈ ৷ স্কলাৰ্ছ একাডেমিক এণ্ড ছাইণ্টিফিক ছ'চাইটী চমুকৈ "ছাছ"-এ আজি হোজাই জিলাৰ হাজী আনফৰ আলী কলেজৰ প্ৰেক্ষাগৃহত চলিত বৰ্ষৰ ছাছ সাহিত্য বঁটা-২০১৮ৰ আয়োজন কৰে ৷
ডঃ হবিবুৰ ৰহমান, ডঃ আব্দুৰ ৰেজ্জাক মাঝাৰভূঞা আৰু নজৰুল ইছলামে আঁতধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হোজাইৰ ভিন্ন প্ৰান্তৰ লেখক-সাহিত্যিকক বৰণ কৰা হয় ৷ আজি ডবকাৰ হাজী আনফৰ আলী কলেজ প্ৰেক্ষাগৃহত আয়োজিত সভাখনত হোজাই জিলাৰ প্ৰতিষ্ঠিত লেখক-সাহিত্যিক, সাংবাদিক আৰু ঔপন্যাসিক সাৰদানন্দ দেৱগোস্বামীলৈ বছৰটোৰ ছাছ জীৱনজোৰা সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয় ৷
একেদৰে যমুনামুখ সমষ্টিৰ প্ৰয়াত বিধায়ক, হোজাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰহিম উদ্দিন আহমেদ সাহিত্য সমালোচনা বঁটা প্ৰদান কৰা হয় তোষেশ্বৰ তামুলি ফুকনক ৷ হোজাই জিলা কবি সন্মিলনৰ মুখ্য উপদেষ্টা প্ৰয়াত প্ৰয়াত আতৰ আলী চৌধুৰী স্মাৰক কবি বঁটা প্ৰদান কৰা হয় হোজাই জিলা কবি সন্মিলনৰ উপ সভাপতি তথা হোজাই কলেজৰ অধ্যাপক দেৱৰাজ মিলিক ৷
মিলিৰ কবিতা পুথি "আঙুলি"ৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷ একেদৰে হোজাইৰ চাচ চছাইটিয়ে প্ৰদান কৰা প্ৰয়াত বিধায়ক মোজাম্মিল আলী চৌধুৰী চাচ উপন্যাস বঁটা প্ৰদান কৰা হয় উদীয়মান লেখক, গল্পকাৰ দুলাল ৰাজালৈ ৷
তেওঁৰ উপন্যাস "বতাহত মৰাশৰ গোন্ধ" উপন্যাসৰ বাবে এই বঁটা দিয়া হয় ৷ একেদৰে প্ৰয়াত নাট্যকাৰ, কাকীৰ সুৰেন্দ্ৰ বৰুৱা স্মাৰক চাচ উদীয়মান বঁটা প্ৰদান কৰা হয় কবি তুলিকা দেৱীলৈ ৷ তেওঁৰ "পৰিধিবিহীন মোৰ আকাশ" কবিতা পুথিৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷ একেদৰে ছহিদ সাংবাদিক নুৰুল হক চাচ নিৱন্ধকাৰ বঁটা প্ৰদান কৰা হয় হোজাই জিলাৰ প্ৰতিষ্ঠিত সাংবাদিক, নিৱন্ধকাৰ জিয়াউৰ ৰহমানক ৷
একেদৰে চাচ গল্পকাৰ বঁটা প্ৰদান কৰা হয় কাকীৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাক ৷ তেওঁৰ গল্প পুথি "বে-দৰ্দী মালিতা"ৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷ ২০১৮ বৰ্ষৰ চাচ অনুবাদ বঁটা প্ৰদান কৰা হয় হোজাই জিলা কবি সন্মিলনৰ সভাপতি, হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ হাছিনুচ চুলতানক ৷
বঁটা প্ৰাপকসকলক স্মাৰক, শলৰ লগতে নগধ ধনৰ জৰিয়তে সন্মান যঁচা হয় ৷ সভাখনত হোজাই জিলাৰ ৭৯ গৰাকী কবি, লেখক, সাহিত্যিকক সম্বৰ্ধনা জনোৱা হয় ৷
আজিৰ সভাখনত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিপ্তী ফুকন পাটগিৰি, আব্দুল মান্নান, কবি আনিচ উজ জামান, দিলীপ পাটগিৰি, আনফৰ আলী কলেজৰ অধ্যক্ষ ডঃ মামুন আজম বৰভূঞা সহ ডবকাৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, কবি-সাহিত্যিকসকল ৷
- Log in to post comments
- 69 views