বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিটিএডিক কেন্দ্ৰীয়শাসিত পৰিষদ (ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল)লৈ উন্নীত কৰাৰ বাবে চলোৱা কুচকাৱাজক সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে তীব্ৰ বিৰোধিতা কৰিছে ৷
সংগঠনটোৱে বিজেপি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত শনিবাৰে বঙাইগাঁও চহৰৰ ইউনিয়ন বেংকৰ সন্মুখৰ মূল ৰাজপথত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰৈলোক্য ৰায়ৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে ৰাজপথত প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ'ব, কমতাপুৰৰ ভূমিত কোনো ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠন কৰা নচলিব আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
ইপিনে এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে গণতন্ত্ৰৰ প্ৰতি বিশ্বাস নথকা বিজেপি চৰকাৰে এন ডি এফ বি (প্ৰ)ৰ লগত আলোচনা কৰি ঐতিহাসিক কমতাপুৰৰ ভূমি খণ্ডিত কৰি আজি বড়োলেণ্ড গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল দিব বিচাৰিছে ৷
কিন্তু আমাৰ স্পষ্ট কথা, ঐতিহাসিক কমতাপুৰৰ ভূমিত কোনো ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল বা বড়োলেণ্ড গঠন হ'ব দিয়া নহ'ব ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি অচিৰেই এই হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰিবলৈও চৰকাৰক অহ্বান জনায় ৷ লগতে বিজেপি চৰকাৰক ধিক্কাৰ জনাই কয় যে কমতাপুৰৰ ভূমিত কেৱল কোমতাপুৰ ৰাজ্যই হ'ব লাগিব ৷
আন কোনো ৰাজ্য বা ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল মানি লোৱা নহ'ব ৷ কাৰণ ইয়াৰ পূৰ্বে সংখ্যাগৰিষ্ঠ লোকৰ অধিকাৰ খৰ্ব কৰি বন্দুকৰ ওচৰত আঁঠু লৈ বিজেপি চৰকাৰে বিটিচি গঠন কৰিছিল ৷
পুনৰ এন ডি এফ বিৰ বন্দুকৰ ভয়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিটিএডিৰ পৰিসীমা বৃদ্ধি কৰি ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
এন ডি এফ বি আৰু চৰকাৰৰ মাজত যি তথাকথিত শান্তি আলোচনা চলি আছে, এই আলোচনাই বিটিএডিৰ পৰিসীমা বৃদ্ধি কৰি ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ নামত অঞ্চলটোত অশান্তিৰহে সৃষ্টি কৰিব ।
গতিকে কোচ ৰাজবংশীক ধ্বংসৰ দিশলৈ লৈ যাব ধৰা এনে আলোচনাক তীব্ৰ বিৰোধিতা কৰি নেতাদ্বয়ে এন ডি এফ বি (প্ৰ) আৰু চৰকাৰৰ আলোচনা বন্ধ কৰাৰো আহ্বান জনায় ।
লগতে কেন্দ্ৰীয় চৰকাৰ আৰু এন ডি এফ বি (প্ৰ)ৰ মাজত অহা ১৯ নৱেম্বৰত ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠন সম্পৰ্কত অনুষ্ঠিত হ'বলগীয়া আলোচনাৰ বিৰোধিতা কৰি তথা কমতাপুৰ ৰাজ্য গঠনৰ দাবীত ১৯ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনোৱা বুলিও নেতাদ্বয়ে বিবৃতিটোত উল্লেখ কৰিছে ৷
- Log in to post comments
- 58 views