নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নগাঁও জিলাৰ পূব প্ৰান্তত হাতী আৰু মানুহৰ সংঘাত অব্যাহত আছে । জিলাখনৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁৱত বন্যহস্তীয়ে তাণ্ডব চলাই ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে কৃষি পথাৰ লণ্ডভণ্ড কৰিছে ।
পুৰণিগুদামৰ সমীপৰ জলাহগাঁৱত বনৰীয়া হাতীৰ ৬০/৭০জনীয়া দল এটাই কৃষি পথাৰ তহিলং কৰে । বনৰীয়া হাতীৰ জাকটোৱে জলাহগাঁৱৰ প্ৰায় এশ বিঘাৰো অধিক মাটিৰ পকাধানৰ পথাৰত নামি ধান খাই তহিলং কৰে ।
স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে যদিও বহু পলমকৈ বন বিভাগৰ লোক উপস্থিত হয় । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতী খেদাবলৈ চেষ্টা কৰে যদিও সেয়া বিফল হয় ।
মাত্ৰ পাঁচজন বনকৰ্মীয়ে বনৰীয়া হাতী খেদিবলৈ পৰ্যাপ্ত নহয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । শীঘ্ৰে নগাঁও জিলাৰ উপায়ুক্ত আৰু জিলা বন বিষয়াগৰাকীক বন্যহস্তী খেদিবলৈ বনকৰ্মী নিয়োগ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।
- Log in to post comments
- 19 views