বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
বৰপেটাত বিজেপিৰ দলীয় কৰ্মীৰ মাজত সংঘাত বৃদ্ধি হৈছে । লণ্ডভণ্ড কৰিলে জিলা বিজেপি কাৰ্যালয় । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বৰপেটা বিজেপিত এই অন্তঃকন্দল ।
ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ অধিকাংশ দলীয় কৰ্মীৰ । বৰপেটা জিলা বিজেপিৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ক্ষোভ । সভাপতি-সম্পাদকক দলৰ পৰা অপসাৰণৰ দাবী ক্ষুব্ধ দলীয় কৰ্মীৰ ।
এই সংঘাত ইমানেই বৃদ্ধি হৈছে যে কৰ্মীসকলৰ ৰোষত পৰি পিছপিনৰ দেৱাল বগাই পলায়ন কৰিবলগীয়া হয় জিলা নেতৃবৰ্গই ৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে আৰক্ষী-চি আৰ পি এফ ।
- Log in to post comments
- 25 views