চেঙাৰ পৰা সুৰজিৎ পাঠক
চেঙা বিধানসভা সমষ্টিৰ গুৰুত্বপূৰ্ণ জিলা পৰিষদ সমষ্টি ৬নং চেঙা জিলা পৰিষদৰ আসনখনত অৱশেষত এগৰাকী ৰাইজে বিচৰাধৰণে কৰ্মপটু আৰু শিক্ষিত প্ৰাৰ্থী ঘোষণা কৰিলে বিজেপি দলে ।
চেঙা শালদিয়াপাৰাৰ উচ্চ শিক্ষিত, নিকা ভাবমূৰ্তিৰ যুৱক বসন্ত ঠাকুৰীয়াক শাসকীয় দলে ৬নং চেঙা জিলা পৰিষদৰ আসনখনৰ বাবে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে চেঙা অঞ্চলৰ সাধাৰণ ভোটাৰ ।
বিগত কাৰ্যকালত এই সমষ্টিটো কংগ্ৰেছৰ পদ্মাৱতীৰ দখলত আছিল । এইবেলি যিকোনো প্ৰকাৰে এই সমষ্টিটো বিজেপি দলে দখল কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ।
সমাজ সেৱাৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা দৃঢ়মনা আৰু দলৰ নিষ্ঠাৱান কৰ্মী বসন্ত ঠাকুৰীয়াক মনোনীত কৰাত একপ্ৰকাৰ উছাহৰ ঢল বৈছে সমষ্টিটোত । নিজ কৰ্মদক্ষতাৰ বাবে খুব কম সময়ৰ ভিতৰতে নিজকে জিলা পৰ্যায়ত উপনীত কৰাবলৈ সক্ষম হোৱা বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বসন্ত ঠাকুৰীয়াক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে কেনে ৰণনীতি গ্ৰহণ কৰি জিলা পৰিষদ দখলত ৰাখে সেয়াহে লক্ষণীয় হ'ব ।
উল্লেখ্য যে অগপ দলে ৬নং চেঙা জিলা পৰিষদত গণেশ তালুকদাৰক প্ৰক্ষেপ কৰাৰ বিপৰীতে বাতৰি লিখা পৰলৈ কংগ্ৰেছ দলে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ।
- Log in to post comments
- 6 views