অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধীনৰ তামুলপুৰৰ খাদী উৎপাদন কেন্দ্ৰৰ ভেটিত সম্প্ৰতি মাহ মাহ ধৰি বিষয়া-কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে তিতালাউ গজাৰ উপক্ৰম হোৱাত এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, এই কেন্দ্ৰত সম্প্ৰতি তিনিগৰাকী বিষয়া-কৰ্মচাৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে যদিও উৎপাদন কেন্দ্ৰটোত বিষয়া-কৰ্মচাৰীৰ উপস্থিতি মুঠেই নিয়মীয়া নহয়। অৱশ্যে ইয়াৰে এগৰাকী গান্ধীবাৰীত ক্ষেত্ৰৰ কামত ব্যস্ত থাকে যদিও বাকী দুজনৰ উপস্থিতি মুঠেই নিয়মীয়া নহয় বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।
ৰাইজে অভিযোগ কৰা মতে, উৎপাদন কেন্দ্ৰটোৰ বিষয়া জনৈক হৰেকৃষ্ণ তহবিলদাৰে মাহ মাহ ধৰি উৎপাদন কেন্দ্ৰটোত উপস্থিত নাথাকে । কোনোবা মাহত কাৰ্যালয়লৈ আহে যদিও কিছু সময় থাকিয়েই গুচি যায় বুলি অভিযোগ উঠিছে । সম্প্ৰতি উৎপাদন কেন্দ্ৰটোৰ আগফাল পিছফাল বন-জংঘলে ছানি ধৰিছে । মূল গে'টৰ তলাটোও মামৰে ধৰাৰ উপক্ৰম হোৱাত প্লাষ্টিকেৰে মেৰিয়াই থোৱা দেখা যায় ।
উল্লেখ্য যে পূৰ্বতে অসম খাদী গ্ৰামোদ্যোগ বোৰ্ডৰ অধীনৰ তামুলপুৰ খাদী উৎপাদন কেন্দ্ৰটো বিষয়া-কৰ্মচাৰীৰ লগতে শিপিনী আৰু বিভিন্ন হিতাধীকাৰী ৰাইজৰ উপস্থিতিৰে গিজগিজাই আছিল যদিও সম্প্ৰতি কিছুমান অকৰ্মণ্য বিষয়া-কৰ্মচাৰীৰ বাবে ই পৰ্যবসিত হৈছে গোহালিলৈ ।
বিষয়া-কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে ৰাইজে খাদী বোৰ্ডৰ অধীনৰ আঁচনিসমূহৰ পৰা বঞ্চিত হ'বলগা হৈছে । সেয়ে তামুলপুৰৰ বিভিন্ন দল-সংগঠনে ইয়াৰ এক উচিত তদন্ত কৰাৰ লগতে বিভাগটো কাৰ্যক্ষম কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।
- Log in to post comments
- 8 views