মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
সদ্যঘোষিত অসম লোক সেৱা চমুকৈ এ পি এছ চিৰ ফলাফলত মাজুলীৰ তিনিগৰাকী কৃতী শিক্ষাৰ্থী উজলি উঠা খবৰে মাজুলীত উৎসাহৰ পৰিবেশ সৃষ্টি কৰিছে । উল্লেখ্য যে এতিয়াও বিদ্যুতৰ পোহৰ নপৰা অতি পিছপৰা অঞ্চল নামনি মাজুলীৰ মলয়া চাপৰিৰ পৰা এক চমকপ্ৰদৰ সফলতাৰে জিলিকিল প্ৰসন্ন টায়ুং ।
শুকুৰবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত প্ৰসন্ন টায়ুঙে শ্ৰম পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছে । মাজুলী কঢ়ালগাঁৱৰ অনুপজ্যোতি বৰাই অসম আৰক্ষী সেৱাত, জেংৰাইমুখৰ সিদ্ধাৰ্থ দলেই সমবায় সমিতিসমুহৰ সহকাৰী পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰিছে ।
উল্লেখ্য, মাজুলীৰ অতিকে পিছপৰা, বাট-পথৰ দুৰৱস্থা, বিদ্যুতৰ পোহৰ নপৰা দুৰ্গম অঞ্চলটোৰ পৰা প্ৰসন্ন টায়ুঙে দেখুওৱা ফলাফলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । জেংৰাইমুখৰ সিদ্ধাৰ্থ দলেৰ সফলতাত উৎসাহিত হৈ এম এম কে মাজুলী জিলা সমিতিৰ উপ-সভাপতি ৰাজীৱ পেগুৰ নেতৃত্বত চাৰিজনীয়া প্ৰতিনিধি দলে দলেক সাক্ষাৎ কৰি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় ।
ইপিনে অনুজ্যোতি বৰা আৰু প্ৰসন্ন টায়ুঙকো মাজুলীৰ বিভিন্ন দল-সংগঠনৰ লগতে সমগ্ৰ মাজুলীবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰে ।
- Log in to post comments
- 13 views