কুমাৰীকাটাৰ আঙাৰকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱ

s

তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ।  নিদ্ৰা হৰন কৰিছে সীমান্তবাসী ৰাইজৰ ।   যোৱা ১৫ নবেম্বৰৰ নিশা নাগ্ৰীজুলিত এজন লোক হাতীৰ আক্ৰমনত নিহত হোৱাৰ পিছত কালি নিশা কুমাৰীকাটা ৰেঞ্জৰ আঙাৰকাটাত বনৰীয়া হাতীয়ে পাচঁটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তাণ্ডৱ চলোৱৰৰ লগতে ঘৰৰ ভিতৰত থকা পৰিয়াল কেইটাৰ নথি-পত্ৰও অনিষ্ট সাধন কৰে ৷ ইপিনে গাৱঁখনৰ কেবাগৰাকী কৃষকৰ কেবা বিঘা পথাৰৰ  পকা ধান খাই গচকি তহিলং কৰে ৷

a

জানিব পৰা মতে ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে ক্ৰমে নগেন  দাস, হৰিপদ দাস, বিনন্দ আৰ্য, সুভাষ আৰ্য, মানিক আৰ্যৰ ঘৰ ভাঙি নিঠৰুৱা কৰে ৷ আনহাতে জয় চৰন দাস, গৌৰাং দাস, দ্বিজেন চৰকাৰ, শ্যামচৰন মণ্ডলৰ পথাৰৰ পকাধান খাই তহিলং কৰে ৷ বন বিভাগৰ লোকে খবৰ কৰে যদিও হাতীৰ তহন্ডৱ ৰোধ কৰিব পৰা নাই ৷ ৰাইজে বনবিভাগক হাতীৰ উপদ্ৰৱ নিৰাময় কৰাৰ বাবে দাবী জনাইছে ৷

Your Comments