বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি স্মৰণ সভাৰ আয়োজন বিৰিণা গোষ্ঠীৰ

ৌ

চেঙাৰ পৰা সুৰজিৎ পাঠক

ৰাজ্যখনৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ 'বিৰিণা বৈভৱ' অনুষ্ঠানত কাইলৈ অসমৰ প্ৰথিতযশা সাহিত্যিক বিহগী কবি ৰঘুনাথ চৌধাৰীক নগাঁও জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্মৰণ কৰিব । গোষ্ঠীটোৱে ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰতিমাহৰ এটি বিশেষ দিনত প্ৰতিমহীয়া সাহিত্য আলাপ 'বিৰিণা বৈভৱ'ৰ লগতে অসমৰ সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী বৰেণ্য ব্যক্তিৰ জন্ম নাইবা মৃত্যু তিথিত 'স্মৃতিচাৰণ সভা' অনুষ্ঠিত কৰি আহিছে ।

কাইলৈ পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে । দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত 'বিৰিণা বৈভৱ' আৰু 'স্মৃতিচাৰণ সভা'ত সন্মানীয় অতিথি হিচাপে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আভা বৰা, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণিমাধৱ মহন্ত, যোগগুৰু খগেন্দ্ৰ নাথ মেধি, বিশিষ্ট নাট্যকাৰ-অভিনেতা উদয় বৰ্মন, বিশিষ্ট সাহিত্যিক এল প্ৰদীপ কুমাৰ সিংহ, নগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি হৰেশ্বৰ বৰা উপস্থিত থাকিব ।

বিশিষ্ট সাহিত্যিক-সমালোচক পৰাণ কুমাৰ বৰুৱাই সঞ্চালনা কৰিবলগীয়া অনুষ্ঠানটো উদ্বোধন কৰিব সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে । গীত-নৃত্যৰ তালে তালে অনুষ্ঠানটোত ৰাজ্যখনৰ কেইবাগৰাকী নবীন-প্ৰবীন কবি-সাহিত্যিকে সাহিত্য পাঠ কৰাৰ লগতে নগাঁও জিলাৰ গোমোঠা গাঁৱৰ বিশিষ্ট শিল্পী-সাহিত্যিক-কলাকাৰ গোলাপ বৰাক বিশেষ সম্বৰ্ধনা জনোৱা হ'ব বুলি জানিবলৈ দিয়ে অনুষ্ঠানটোৰ আহ্বায়ক হাচিনা মমতাজ, বিজ্ঞাপন সচিব সুৰজিত পাঠক আৰু গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে ।

আনহাতে লখিমপুৰৰ তিনিমহীয়া সাহিত্য আলোচনী "চৰৈৱতি"ৰ তৰফৰ পৰা অনুষ্ঠানটোত বিশিষ্ট কবি জীতেন নৰহে প্ৰতিনিধিত্ব কৰিব বুলি জানিবলৈ দিয়ে 'চৰৈৱতি'ৰ সম্পাদক কল্যাণী চক্ৰবৰ্ত্তীয়ে । অনুষ্ঠানত অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ।

Your Comments