ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠনৰ তীব্ৰ বিৰোধিতা আক্ৰাছুৰ 

ে

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ পৰিৱেশ উত্তাল হৈ থকাৰ সময়তে বিজেপি চৰকাৰে বিটিএডিক কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত কৰাৰ বাবে গোপনে প্ৰস্তাৱ গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই ৰাজ্যৰ পৰিৱেশ অধিক উত্তপ্ত কৰি তোলাৰো সম্ভাৱনাই দেখা দিছে ৷

ইতিমধ্যে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, আমছু, বিটিএডি নাগৰিক অধিকাৰ মঞ্চ, এবিএমছু, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা, সদৌ অসম চাওতাল ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনে ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠনৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱ তথা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ লগতে চৰকাৰে যদি এনে সিদ্ধান্ত বাতিল নকৰে তেতিয়াহ'লে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও চৰকাক সকিয়াই দিছে ৷

আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংগঠনকেইটাৰ এখন যৌথ সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে কমতাপুৰ ৰাজ্যত আন সুকীয়া ৰাজ্য গঠন কৰাৰ বাবে যি প্ৰক্ৰিয়া চলিছে তাক আমি কেতিয়াও সফল হ'ব দিব নোৱাৰো ৷ এইখন ঐতিহাসিক কমতাপুৰ ৰাজ্য হয় আৰু ইয়াত কমতাপুৰ ৰাজ্যৰ বাহিৰে আৰু আন ৰাজ্য গঠন হোৱাটো সম্ভৱপৰ নহয় আৰু আমি মানি নলও ৷ ছাত্ৰ নেতাগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকিয়াই দি কয় যে প্ৰকৃততে যি ঐতিহাসিক কমতাপুৰ ৰাজ্য আছিল সেই কমতাপুৰ ৰাজ্যক নিঃশেষ কৰাৰ বাবে চলোৱা চক্ৰান্ত কেতিয়াও আমি সফল হ'ব নিদিও ৷

বৰ্তমান সময়ত একাংশ বন্দুকধাৰীৰ সৈতে চৰকাৰে আলোচনা কৰি যি শান্তিৰ পৰিৱেশৰ চুক্তি স্বাক্ষৰিত কৰিব বিচাৰিছে, সেয়া প্ৰকৃততে শান্তি হ'ব নে পৰৱৰ্তী সময়ত ভয়ানকভাৱে অশান্তিৰ সৃষ্টি কৰিব সেই কথাটো আমি চৰকাৰক দেখুৱাই দিম ৷ আমি কোনো কাৰণতে এনে হঠকাৰী সিদ্ধান্ত মানি নলও ৷ যিসকলে নিৰীহ মানুহক হত্যা কৰিছে, বোমা বিস্ফোৰণ ঘটাইছে, সেইসকলকে চৰকাৰে আলোচনালৈ নিমন্ত্ৰণ কৰি সেইসকলৰ সমস্যা সমাধান কৰিব বিচাৰিছে ৷ যদি এয়াই হয় তেতিয়াহলে অনাগত দিনত উঠি অহা প্ৰজন্মৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কোনো আনুগত্য নাথাকিব আৰু হাতত অস্ত্ৰ তুলি ললে তাৰ বাবে কেন্দ্ৰীয়  চৰকাৰ আৰু ৰাজ্য চৰকাৰে দায়ী হ'ব ৷

আক্ৰাছু নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ হৈ এন ডি এফ বি (প্ৰ)ৰ সৈতে শান্তি আলোচনাৰ মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে ১৫ নৱেম্বৰত জইন্ট এক্সন কমিটী  ফ'ৰ ছেপাৰেট বড়োলেণ্ড ষ্টেটৰ অবড়ো প্ৰতিনিধিৰে অনুষ্ঠিত হৈ যোৱা গোপন বৈঠকত বিটিএডিক ইউনিয়ন টেৰিটৰিয়েললৈ উন্নীত কৰাৰ ক্ষেত্ৰত অবড়ো প্ৰতিনিধিয়ে আপত্তি নথকা বুলি লিখিত প্ৰতিশ্ৰুতি দিয়া বুলি প্ৰকাশ কৰা বিষয়টোকো ভুৱা বুলি কয় ৷ যদি সচাঁকৈ তেনে কোনো লিখিত প্ৰতিশ্ৰুতি কোনোবা প্ৰতিনিধিয়ে দিছে তেতিয়াহ'লে সেইসকলৰ নাম ৰাজহুৱা কৰিবলৈকো চৰকাৰক দাবী জনায় ৷

লগতে চৰকাৰৰ সাহক থাকিলে এই সম্পৰ্কত বিটিএডি আৰু ৰাজ্যৰ বিভিন্ৱ জাতি-জনগোষ্ঠীতীয় সংগঠনৰ সৈতে আলোচনা কৰিবলৈও প্ৰত্যাহ্বান জনায় ৷ সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে  ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠনৰ বাবে সোমবাৰে হ'বলগীয়া আলোচনাৰ বিৰোধিতা কৰি তথা প্ৰতিবাদত আক্ৰাছু, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই অহা ১৯ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা ৪৮ ঘন্টীয়া সৰ্বাত্মক অসম তথা কমতাপুৰ বন্ধৰ আহ্বান জনোৱাৰ কথা ঘোষণা কৰি অসমবাসী ৰাইজৰ সহায়-সহযোগিতা বিচাৰে ৷

লগতে গাত শেষ বিন্দু তেজ থকালৈকে প্ৰতিবাদ কৰি যাব বুলি কৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যত চলি থকা প্ৰতিবাদী আন্দোলনক অন্য দিশে ঢাল খুৱাব বিচাৰিছে বুলিও সন্দেহ প্ৰকাশ কৰে ৷ সংবাদমেলত  উপস্থিত থাকি বিটিএডি নাগৰিক অধিকাৰ মঞ্চৰ সভাপতি জমশ্বেৰ আলীয়ে বিজেপি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক ধিক্কাৰ দি তথা বিৰোধিতা কৰি কয় যে কেন্দ্ৰীয় স্বয়ত্ব শাসিত অঞ্চল বা ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল যিয়ে নহওক কিয় সেয়া গঠন কৰাৰ চাৰি বা পাঁচ-দহ বছৰৰ পিচত সেইখন এখন পৃথক ৰাজ্য হৈ পৰিব ৷

গতিকে বিটিচি এলেকাৰ পৰিসৰ বৃদ্ধি কৰি, ক্ষমতা বৃদ্ধি কৰি ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠন কৰা মানে পৰৱৰ্তী সময়ত ৰাজ্য এখন গঠন কৰাৰ পথ মুকলি হৈ পৰিব ৷ বিজেপি চৰকাৰে ২০০৩ চনত কেন্দ্ৰত ক্ষমতাত থকা অৱস্থাত এই অঞ্চলৰ বিভিন্ন জাতি-জনগেষ্ঠীয় সংগঠনৰ প্ৰৱল বিৰোধিতাক নসাৎ কৰি এচাম অস্ত্ৰধাৰী সকলৰ ওচৰত নতি স্বীকাৰ কৰি যি বিটিচি গঠন কৰিছিল,  ঠিক সেই একেদৰে এইবাৰ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ অহাৰ লগে লগে অসমখনক খণ্ড-বিখণ্ড কৰাৰ পদক্ষেপ হিচাপে এন ডি এফ বি (প্ৰ), জইন্ট এক্সন কমিটী ফ'ৰ ছেপাৰেট বড়োলেণ্ড ষ্টেটৰ জৰিয়তে তেঁওলোকে এখন পৃথক ৰাজ্য গঠনৰ পৰিকল্পনা কৰিছে ৷

এই ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠন হোৱা মানেই কাইলৈ কাৰ্বি আংলং, ডিমা হাচাও পৃথক এখন ৰাজ্য দিবলৈ বাধ্য হ'ম ৷ ইয়াৰ পিচত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি অসমৰ পৰা বিচিন্ন হৈ যাব আৰু এখন নতুন ৰাজ্য হ'ব ৷ সেয়ে অসমক খণ্ড-বিখণ্ড কৰিব বিচৰা বিজেপিৰ এই পৰিকল্পনাৰ বিৰুদ্ধে বিটিএডি নাগৰিক অধিকাৰ মঞ্চই প্ৰতিবাদ কৰি যাব বুলি কয় ৷ লগতে আক্ৰাছুই আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধলৈ নীতিগত সমৰ্থন থকা বুলিও কয় ৷

আনহাতে সংবাদমেলত উপস্থিত থাকি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠনৰ বাবে চৰকাৰে যি বৈঠকৰ আয়োজন কৰিছে তাত অবড়োসকলৰ সমৰ্থন থকা বুলি যি কথা কৈছে সেয়া ভুৱা আৰু চৰকাৰৰ চক্ৰান্ত ৷ কাৰণ বিটিচিত থকা অথবা অসমৰ কোনো জাতি - জনগোষ্ঠীয়ৰ লগত এখন পৃথক ৰাজ্য বা পৰিষদ গঠনৰ কথা আজিলৈকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আলোচনা কৰা নাই ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ গৈ বিজেপি চৰকাৰে যি বিপদত পৰিছে তাৰ পৰা উদ্ধাৰৰ বাবে বিভিন্ন কূট- কৌশল ৰচনা কৰিছে আৰু এয়াও চৰকাৰৰ এটা কূট - কৌশল বুলি আমাৰ সন্দেহ হৈছে ৷

সেয়ে কেন্দ্ৰীয় আৰু অসম চৰকাৰক অসমবাসীৰ হিতৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ সকিয়াই দিয়ে ৷ অন্যথা ৰাইজ ৰাজপথলৈ ওলাই আহিব বুলিও কয় ৷ লগতে এনে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰিলে আমি জাতি - জনগোষ্ঠীৰ মাজত বিজেপিয়ে সংঘাত সৃষ্টি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি ভাবিবলৈ বাধ্য হ'ম বুলি কৈ ইয়াৰ পৰিণাম ভয়াব হ'ব বুলিও হুংকাৰ দিয়ে ৷

সংবাদমেলত এবিএমছুৰ উপ সভাপতি আবু চায়েদ আনচাৰিয়ে কয় যে বিটিএডি চুক্তি কৰাৰ সময়ত ২৫ শতাংশ লোকক সন্তুষ্ট কৰি ৭৫ শতাংশ লোকক শাস্তি প্ৰদান কৰা হ'ল ৷ সেয়ে তেতিয়াৰে পৰা আমি ইয়াৰ বিৰোধিতা কৰি আহিছো আৰু বিৰোধিতা কৰি যাম ৷ কাৰণ পুনৰ বিজেপি চৰকাৰে ২৫ শতাংশ লোকক সন্তুষ্ট কৰাৰ বাবে অনাবড়োসকলৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে আমি যি কোনো আন্দোলন কৰিবলৈ প্ৰস্তুত আছো আৰু কৰি যাম বুলিও কয় ৷ সেইদৰে সদৌ অসম নাথ যোগী  ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথে বিটিচিত বসবাস কৰি থকা অন্যান্য জাতি - জনগোষ্ঠীসকলৰ লগত কোনো আলোচনা নকৰি বিজেপি  চৰকাৰে  গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে ৷

লগতে চৰকাৰৰ এনে হঠকাৰী প্ৰচেষ্টাক মষিমূৰ কৰাৰ বাবে প্ৰতিবাদ কৰি যাব বুলি কয় ৷ লগতে আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধলৈ পূৰ্ণ সমৰ্থন জনায় ৷ আনহাতে চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কুৱেও বিজেপি চৰকাৰৰ  সিদ্ধান্তক বিৰোধিতা কৰে আৰু ইয়াক কোনোপধ্যে মানি নলয় বুলি  কয় ৷ উল্লেখ্য যে সংগঠনকেইটাৰ নেতৃত্বই দুই এদিনতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি পৰৱৰ্তী  পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷ সংবাদ মেলত আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায়ৰ লগতে  চিৰাং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াৰ লগতে সংগঠনকেইটাৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷

Your Comments