চেঙাৰ পৰা সুৰজিৎ পাঠক
সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ আহ্বানক্ৰমে আজি সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাতো বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক, ২০১৬ বাতিলৰ দাবীত জোঁৰ লৈ এক বিশাল সমদল উলিয়ায় ।
বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰফিকুল ইছলাম, সম্পাদক ৰাজদ্বীপ তালুকদাৰ আৰু উপদেষ্টা সুৰজিৎ পাঠকৰ নেতৃত্বত প্ৰায় দুশ আছু কৰ্মীয়ে বিজেপি চৰকাৰ হুঁচিয়াৰি, অসম চৰকাৰ হাই হাই, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ, বিজেপি চৰকাৰ নিপাত যাওক, বিদেশী হুঁচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে বৰক্ষেত্ৰীৰ মুকালমুৱা চ'ক বজাৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে ।
সংগঠনটোৱে সন্ধিয়া মুকালমুৱা চিকিৎসালয়ৰ পৰা মুকালমুৱা চ'ক বজাৰৰ মাজেৰে এক বিশাল জোঁৰ সমদল উলিয়ায় আৰু বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয় প্ৰাঙ্গণত জাতিধ্বংসী বিধেয়কখন বাতিল কৰাৰ দাবীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ।
- Log in to post comments
- 5 views