নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত শুকুৰবাৰে নগাঁও জিলাৰ দক্ষিণ-পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাই এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে । সন্ধ্যা ৫ বজাত ফুলগুৰিৰ ছহিদ স্মৃতি ক্ষেত্ৰৰ পৰা আৰম্ভ হোৱা সমদল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক পংকজ বৰাই ।
সমদল কাৰ্যসূচীত মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তুলেন্দ্ৰ পাটৰ, দক্ষিণ-পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিমান বৰকাকতি, সম্পাদক লক্ষ্যজ্যোতি দাসৰ লগতে ২৮টা জাতি-জনগোষ্ঠীৰ লগতে ফুলগুৰিৰ ভিবজিঅ'ৰ ক্লাৱ, আঞ্চলিক পুথিভঁৰাল, নৱজ্যোতি পুথিভঁৰাল-যুৱক সংঘ, মাৰোৱাৰী সমাজ, নীলকণ্ঠ মণ্ডল মহিলা সমিতি, মহিলা বজাৰ সমিতি, ব্যৱসায় সন্থা, বিহু সমিতি আদিৰ প্ৰতিনিধিয়ে সহযোগ কৰে ।
সহস্ৰাধিক আবাল-বৃদ্ধ-বণিতাই প্ৰায় চাৰি কিলোমিটাৰ খোজকাঢ়ি হাতত জোঁৰ লৈ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হাই-হাই, সৰ্বানন্দ সোণোৱাল-শিলাদিত্য মুৰ্দাবাদ, আহ ঐ আহ ওলাই আহ আদি ধ্বনিৰে ফুলগুৰি-শালমৰা-ডিমৌ আদি অঞ্চলৰ পৰিবেশ উত্তাল কৰি তোলে । কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে চৰকাৰক ধৰ্মৰ নামত জাতিক ভাগ ভাগ নকৰিব, ১৯৭১ চনৰ পিছত অহা বিদেশীৰ বোজা অসমে নলয়, অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী জনায় ।
ইপিনে সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীত আজি সন্ধ্যা নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাজৰিত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জাজৰি অঞ্চলৰ আকাশ-বতাহ মুখৰিত কৰি হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন জনগোষ্ঠীয় দলসমূহে সমগ্ৰ অঞ্চলটো জোঁৰ লৈ পৰিভ্ৰমণ কৰে ।
উল্লেখ্য যে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অগ্ৰণী নেত্ৰী মামনি বৰা, দেৱ কুমাৰ বৰা, গৰীয়া-মৰীয়া জাতীয় পৰিষদৰ নেতা নিজামুল হক, অসম সাহিত্য সভাৰ জাজৰি শাখাৰ সম্পাদক থগিত মহন্ত, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অভিজিৎ দাস, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নিপন শৰ্ম্মা প্ৰমুখ্যে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতাসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বাতিলৰ দাবী জনায় ।
- Log in to post comments
- 58 views