মৰিগাঁৱৰ পৰা জিতুমনি নাথ
মৰিগাঁও জিলা বিজেপি সভাপতিৰ কাণ্ডক লৈ তৃণমূল বিজেপিৰ কৰ্মীৰ মাজত জ্বলিছে ক্ষোভৰ জুই । বিজেপিৰ ৰাজ্যিক নেতৃত্বই প্ৰদান কৰা প্ৰাৰ্থীৰ বিপৰীতে জিলা বিজেপি সভাপতি ধৰণীধৰ বৰদলৈয়ে একেটা পদতে মইমতালিৰে দুজনকৈ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি তৃণমূল কৰ্মীৰ ৰোষত পৰাৰ ভয়ত অন্তৰ্ধান হ'বলগীয়া হোৱা ঘটনাই ব্যাপক চাঞ্চল্য ৰসৃষ্টি কৰিছে মৰিগাঁও বিজেপি দলত ।
নিজ দলৰ স্বাৰ্থ বিসৰ্জন দি জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ সহায়কাৰীৰ ভূমিকা গ্ৰহণ কৰা বিজেপি সভাপতি ধৰণীধৰ বৰদলৈয়ে আজি কেইবাদিনো ধৰি জিলা বিজেপি কাৰ্যালয়ত উপস্থিত হ'বলৈ সাহস গোটাব পৰা নাই । এই অভিযোগ তুলিছে শাসকীয় বিজেপি দলৰ তৃণমূল কৰ্মীসকলে । বিজেপিৰ তৃণমূল কৰ্মীৰ অভিযোগ, সভাপতি ধৰণীধৰ বৰদলৈয়ে ব্যক্তিগত স্বাৰ্থৰ বাবে জাতীয় ঐক্য মঞ্চক সৰ্বোচ্চ বিক্ৰী কৰি দি মৰিগাঁও বিজেপিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ।
যাৰবাবে সভাপতি বৰদলৈয়ে জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থীক সহায় কৰিবলৈ গৈ ৰাজ্যিক নেতৃত্বই প্ৰদান কৰা প্ৰাৰ্থীৰ বিপৰীতে মইমতালিৰে আন এজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি দলটোত এক নজীৰবিহীন ঘটনা সংঘটিত কৰা বুলি আজি মৰিগাঁও বিজেপিৰ তৃণমূল কৰ্মীসকলে মুকলিকৈ অভিযোগ আনিছে ।
উল্লেখ্য যে মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দন্দুৱা পঞ্চায়তত সভাপতি পদৰ বাবে বিজেপি ৰাজ্যিক নেতৃত্বই নন্দেশ্বৰ পাতৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে জিলা বিজেপিৰ সভাপতি ধৰণীধৰ বৰদলৈয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মিনু পাতৰ দেৱীক । একেদৰে বৰভগীয়া গাঁও পঞ্চায়তৰ ৭নং ৱাৰ্ডত বিজেপিয়ে বৰ্ণলতা দেৱীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে জিলা সভাপতি বৰদলৈয়ে তৰামাই দেৱীক, ৮নং ৱাৰ্ডত বিজেপিয়ে অনিল কুমাৰ নাথক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে জিলা বিজেপিৰ সভাপতি বৰদলৈয়ে ভদ্ৰকান্ত নাথক মইমতালিৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
একেদৰে মনিপুৰীয়াটোপ গাঁও পঞ্চায়ততো জিলা বিজেপি সভাপতি ধৰণীধৰ বৰদলৈয়ে মইমতালিৰে অনুৰুপ ঘটনা সংঘটিত কৰাৰ তথ্য প্ৰকাশ কৰিছে মৰিগাঁও বিজেপিৰ তৃণমূল কৰ্মীসকলে । ইফালে মৰিগাঁও বিজেপিত সৃষ্টি হৈ থকা বাদ-বিসম্বাদৰ মাজতেই জাতীয় ঐক্য মঞ্চৰ লগত মিত্ৰতা নিবিচৰা মৰিগাঁও বিজেপিৰ একাংশ নেতা-কৰ্মীৰ জাতীয় ঐক্য মঞ্চৰ ৰোষত পৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে মৰিগাঁৱত ।
আজি তাৰে বহিঃপ্ৰকাশ ঘটিব ওলাইছিল মৰিগাঁও কপিলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত । এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্বে বিজেপি নেতা-কৰ্মীসকলে সেই স্থান ত্যাগ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পৰা ৰক্ষা পৰে ।
এনে পৰিবেশ-পৰিস্থিতিত জাতীয় ঐক্য মঞ্চ আৰু বিজেপিৰ নেতা-কৰ্মীসকলৰ মাজত এক অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হোৱাৰ সম্ভাৱনাই বিৰাজ কৰিছে ।
- Log in to post comments
- 101 views