ৰঙিয়া আৰক্ষীৰ জালত অসম আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড বাইক চোৰ

a

ৰঙিয়া ষ্টেচন ৰোডত বাইক চোৰ কৰিবলৈ ওলাওতে হাতে লোটে ৰাইজে ধৰিলে গভাইত বাইক চোৰ বিপুল শৰ্মাক । বিপুলৰ পৰা উদ্ধাৰ বাইক চোৰ কৰিবলৈ ৱ্যাৱহাৰ কৰা বহু সা-সামগ্ৰী । এবছৰ পূৰ্বে ৰঙিয়া তুলসীবাৰী আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল এই চোৰটোক ।

জেলৰ পৰা ওলাই আহি পুনৰ ৰঙিয়াত বাইক চোৰ কৰিব আহিছিল চোৰটোৱে । ইতিমধ্যে অসমৰ বহু ঠাইত বাইক চোৰ কৰি সন্ত্ৰাশ চলাইছিল দূৰ্ধৰ্ষ বিপুলে । আৰক্ষীয়ে সম্প্ৰতি মাৰাথান জেৰা চলাই আছে বিপুলক ।

Your Comments