বিশ্বনাথৰ পৰা ভাস্কৰ দাস
বিশ্বনাথৰ ৰাজীৱ ভৱনত সংঘটিত হ'ল আজি লংকা কাণ্ড । বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ একনায়কত্ববাদৰ বিৰুদ্ধে বিশ্বনাথ যুৱ কংগ্ৰেছে লণ্ড-ভণ্ড কৰিলে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ কাৰ্যালয়ৰ কোঠা ।
সমাগত পঞ্চায়ত নিৰ্বাচনৰ দলীয় টিকট নিৰ্বাচিত সমিতিৰ পেনেলত প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ আৰু বিশ্বনাথ যুৱ কংগ্ৰেছৰ সভাপতি এলবাৰ্ট ফুকনৰ নাম থকা সত্ত্বেও তেওঁলোকৰ মতামত অবিহনে বৰ্তমানৰ সভাপতি দিলীপ বৰুৱাই নিজ খেয়াল-খুঁচীমতে পঞ্চায়ত নিৰ্বাচনৰ টিকট নিজৰ ঘনিষ্ঠসকলক প্ৰদান কৰাৰ কুচকাৱাজ চলোৱাৰ বিৰুদ্ধে গৰজি উঠিল যুৱ কংগ্ৰেছীসকল ।
আনকি গোপন ধনৰ লেনদেন কৰি দলীয় টিকট প্ৰদান কৰাৰ অভিযোগ জিলা সভাপতি দিলীপ বৰুৱাৰ বিৰুদ্ধে । খোদ বিশ্বনাথ যুৱ কংগ্ৰেছীৰ এই অভিযোগ বৰুৱাৰ বিৰুদ্ধে।
যাৰ পৰিণতিতে এইদৰে কাৰ্যালয়টো লণ্ডভণ্ড কৰে বিশ্বনাথৰ যুৱ কংগ্ৰেছীসকলে ৷ লগতে একাংশ যুৱ কংগ্ৰেছীয়ে জিলা সভাপতিগৰাকীৰ কাৰ্যালয় কোঠাত ওলোমাই দিয়ে তলা ।
সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ক্ষণত এনেদৰে বিশ্বনাথ কংগ্ৰেছ দুটা ফৈদত ভাগ হোৱাত বিশ্বনাথৰ ৰাজনৈতিক সমীকৰণ ওট-পালট হোৱাটো নিশ্চিত ।
- Log in to post comments
- 8 views