ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী অৱস্থাত হোজাই জিলা অগপৰ সভাপতিক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছিল ৷ পূৰ্বৰ সভাপতি ৰেজাউল কৰিম চৌধুৰী কেইদিনমান সাংগঠনিক কাম-কাজত অনুপস্থিত থকাত তেওঁৰ স্থানত জিলা অগপৰ উপ-সভাপতি ছাদিকুল্লাহ ভূঞাক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছিল ৷
পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰেজাউল কৰিম চৌধুৰী জিলাখনৰ ৰাজনীতিত পুনৰ সক্ৰিয় হৈ পৰিছে ৷ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰেজাউল কৰিম চৌধুৰীৰ নেতৃত্বত হোজাই জিলা অগপই সাংগঠনিক তৎপৰতাও আৰম্ভ কৰিছে ৷ ঠায়ে ঠায়ে প্ৰাৰ্থী বাছনিৰ লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক প্ৰত্যাহ্বান জনাবলৈ শক্তিশালী প্ৰাৰ্থী থিয় কৰোৱাৰ কুচকাৱাজ চলাইছে ৷
যমুনামুখ সমষ্টিত সবল গণভিত্তি থকা ৰেজাউল কৰিম চৌধুৰীক পুনৰ হোজাই জিলা অগপৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে ৷ দলৰ সাধাৰণ সম্পাদক কমলা শইকীয়া স্বাক্ষৰিত এক নিৰ্দেশযোগে ছাদিকুল্লাহ ভূঞাৰ ঠাইত পূৰ্বৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীক হোজাই জিলা অগপৰ সভাপতিৰ দায়িত্ব দিয়া হয় ৷
দলৰ কেন্দ্ৰীয় সমিতিৰ এই সিদ্ধান্তই উৎফুল্লিত কৰি তুলিছে দলীয় কৰ্মী-সমৰ্থকক ৷ ৰেজাউল কৰিমক পুনৰ হোজাই জিলা অগপৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাত উৎফুল্লিত হৈ পৰিছে জিলাখনৰ অগপ কৰ্মীসকল ৷
ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে হোজাই জিলাত ইতিমধ্যে দলটোৱে পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷
- Log in to post comments
- 44 views