নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদে নগাঁও জিলাৰ বেবেজীয়াত ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে । নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজীয়া অঞ্চলটো এসময়ত অগপৰ দুৰ্গৰূপে চিহ্নিত আছিল । বৃহত্তৰ অঞ্চলটো যোৱা বহু বছৰ ধৰি কংগ্ৰেছ দলৰ দখলত আছিল যদিও এইবাৰ বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তখন অগপ দলে উদ্ধাৰ কৰিবৰ বাবে কঁকালত টঙালি বান্ধিছে ।
এই উপলক্ষে দেওবাৰে বেবেজীয়াত অসম গণ পৰিষদ দলৰ বেবেজীয়া-ডিমৌ-বাংঠাই আঞ্চলিক সমিতিৰ এখনি পঞ্চায়ত নিৰ্বাচনী সভা অনুষ্ঠিত হয় । বেবেজীয়া-ডিমৌ-বাংঠাই অগপৰ আঞ্চলিক সমিতিৰ সভাপতি বিৰচিং নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথিৰ ভাষণত প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে বৰ্তমান অসমৰ ৰাইজৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি একেবাৰে মোহভঙ্গ হৈছে ।
অসম আৰু অসমীয়াক ৰক্ষা কৰিবলৈ হলে অগপৰ দৰে আঞ্চলিক দলৰ বিকল্প নাই । বেবেজীয়া-ডিমৌ-বাংঠাই আঞ্চলিক সমিতিৰ সম্পাদক বলীন্দ্ৰ কাকতিয়ে আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত জিলা কাৰ্যনিৰ্বাহক সদস্য বিনোদ বৰুৱাই কয় যে অগপৰ পৰা নিবাৰ্চিত প্ৰতিনিধিয়েহে পঞ্চায়তৰ প্ৰকৃত উন্নয়ন বিশেষকৈ দুখীয়া ৰাইজৰ উপকাৰসাধন কৰিবলৈ সক্ষম হ'ব ৷
সভাত বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ নাগৰিক মহেশ্বৰ বৰঠাকুৰ, শিক্ষাবিদ ভাৰত শৰ্মা, অধিবক্তা দণ্ডধৰ হাজৰিকা, জিলা অগপৰ সভাপতি অতুল মেধি, উপ-সভাপতিদ্বয় গোলাম মুহিউদ্দিন খান, দেৱান আকবৰ, অগপৰ কেন্দ্ৰীয় সমিতিৰ কৃষক পৰিষদৰ সম্পাদক আনন্দ শইকীয়া, জিলা যুৱ পৰিষদৰ সম্পাদক ডিপুজ্বল ৰাজখোৱা, কাছমাৰী অগপৰ সভাপতি হৰিদাস ৰাজকুমাৰ, বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ বৰা, অগপৰ মহিলা সমিতিৰ জিলা উপ-সভানেত্ৰী বিনু ডেকা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত ভাষণ আগবঢ়ায় ।
উল্লেখ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তত সভাপতি পদৰ বাবে সমাজকৰ্মী ঘনশ্যাম বৰা, আঞ্চলিক সদস্যৰ বাবে যমুনা ডেকা আৰু ৱাৰ্ড সদস্যসকল ক্ৰমে ৰাণু ডেকা, প্ৰণৱ বৰা, বিনিমা শইকীয়া, ইলা বৰদলৈ, সংগীতা দাস, ৰাজুমণি নাথ, সোণামণি দাস, জুনু দাস আৰু মমী বৰদলৈক প্ৰায় সৰ্বসন্মতক্ৰমে অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় ।
অঞ্চলটোৰ প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থকা সভাখনিত একক নিৰ্বাচনী যুঁজেৰে ঐক্যবদ্ধভাৱে ৰণকৌশল প্ৰস্তুত কৰে । উপস্থিত ৰাইজে অসম গণ পৰিষদ জয় ধ্বনিৰে সভাৰ পৰাই ঐক্যবদ্ধৰূপে ৰাইজৰ কাষলৈ যোৱাৰ সংকল্প গ্ৰহণ কৰে ।
- Log in to post comments
- 57 views