ভাৰতৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ইতিহাস বিজড়িত আনুষ্ঠানিক মৈত্ৰী স্থাপনৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱা উপলক্ষে ভূটানৰ বিভিন্ন অঞ্চলত সোণালী জয়ন্তী বৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে উদ্যাপন কৰিবলৈ লৈছে দেশখনে । ইয়াৰে অংশ হিচাপে পূব ভূটানৰ সদৰ চহৰ চানদ্ৰুপ ঝংখাৰত চানদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসন আৰু ভাৰত-ভূটান মৈত্ৰী সন্মিলনৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষৰ শুভৰৰম্ভ কৰ হয় ।
তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আৰম্ভ কৰা হয় ভাৰত-ভূটান মৈত্ৰীৰ পঞ্চাশ বছৰীয়া বৰ্ষপূৰ্তি উৎসৱ ৷ এই বৰ্ষপূৰ্তি উপলক্ষে চানদ্ৰূপ ঝংখাৰত কালিৰে পৰা এখনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এই প্ৰতিযোগিতাখনৰ মুখ্য অতিথি হিচাপে বিটিএডিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে উপস্থিত থাকি প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে ৷
ভূটানৰ চানদ্ৰুপ ঝংখাৰ এফ চি আৰু কুমাৰীকাটা এফ চিৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন খেল উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত প্ৰসংগত নাৰ্জাৰীয়ে কয়- ভাৰত-ভূটানৰ মাজত আনুষ্ঠানিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠা দিনৰে পৰা আজিকোপতি দুয়োখন দেশৰ মাজত ভাতৃত্বপূৰ্ণ বন্ধুত্ব অব্যাহত আছে ৷
এই সম্পৰ্ক অদূৰ ভৱিষতে আৰু অধিক টনকিয়াল হ'ব বুলি কৈ ভাৰত-ভূটানৰ সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক আৰু কূটনৈতিকভাৱে আগবাঢ়ি যাওক বুলি কয় ৷
এই অনুষ্ঠানত বিটিএডিৰ ৰেচম আৰু হস্ততাঁত বস্তশিল্প বিভাগৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, চানদ্ৰুপ ঝংখাৰৰ অতিৰিক্ত উপায়ুক্ত পেমা দৰ্জী, মেয়ৰ কাৰ্মা চেৰাব, আৰক্ষী অধীক্ষক কৰ্ণেল ৰীজিং দৰ্জী, ভাৰত-ভূটান মৈত্ৰী সন্মিলন চমুকৈ বিফাৰ বিষয়ববীয়া, অসমৰ বাক্সা জিলাৰ তামুলপুৰ-কুমাৰীকাটাৰ বিশিষ্ট নাগৰিকসকল প্ৰমুখ্যে চানদ্ৰুপ ঝংখাৰ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকি দুয়ো দেশৰ মৈত্ৰী স্থাপনৰ পঞ্চাশবছৰীয়া বৰ্ষৰ কাৰ্যসূচী উপভোগ কৰে ৷
- Log in to post comments
- 9 views