পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বঙাইগাঁৱত জ'নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ সম্পন্ন

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বঙাইগাঁৱত জ'নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ সম্পন্ন

বঙাইগাঁও জিলাত অহা ৯ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অৰ্থে নিৰ্বাচনৰ সৈতে জড়িতসকলক বিভিন্ন প্ৰশিক্ষণ দি থকা হৈছে ৷

জিলাখনৰ বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাত বঙাইগাঁও জিলা প্ৰশাসনৰ তত্বাৱধানত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আজি সাতগৰাকী জ'নেল বিষয়া আৰু ২৮গৰাকী ছেক্টৰ বিষয়াক জিলা উপায়ুক্ত বাবুলাল শৰ্মাই কাৰ্যালয়ৰ সভাকক্ষত প্ৰশিক্ষণ দিয়ে ৷

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বঙাইগাঁৱত জ'নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ সম্পন্ন

প্ৰশিক্ষণকালত জিলাখনৰ অন্তৰ্গত মহকুমা দুটাৰ অধীনৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহত কি কি সুবিধা আছে বা কি কি সুবিধা নাই, কেন্দ্ৰটোত পৰ্যাপ্ত দুৱাৰ-খিৰীকি আছেনে নাই, পানী, বিদ্যুৎ আদিৰ সুবিধা আছেনে নাই আৰু ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ যোৱা পথৰ অৱস্থা কেনেকুৱা সেইবিলাকৰ বিষয়ে জ'নেল আৰু ছেক্টৰ বিষয়াসকলে নিজে গৈ চাই আহিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷

লগতে অহা ১২ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত এইবিলাক বিষয়ত ক্ষেত্ৰ পৰিদৰ্শন কৰি জ'নেল আৰু ছেক্টৰ বিষয়াসকলক প্ৰতিবেদন দিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷

আনহাতে, সদৰ মহকুমাধিপতি তথা পঞ্চায়ত নিৰ্বাচনৰ পৰিবহণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া নিত্য বিনোদ ঔৱাৰীয়ে জ'নেল আৰু ছেক্টৰ বিষয়াসকলক সংশ্লিষ্ট এলেকাত কি বাহন লাগিব, ট্ৰেক্টৰ, গৰুগাড়ী বা নাও আদি লাগিবনেকি সেই বিষয়ে প্ৰতিবেদন দিবলৈ অনুৰোধ জনায় ৷ সেইদৰে জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়েও জ'নেল আৰু ছেক্টৰ বিষয়াসকলক বিভিন্ন দিশত প্ৰশিক্ষণ দিয়ে ৷

প্ৰশিক্ষণ কাৰ্যসূচীত জিলা উপায়ুক্ত শৰ্মাই পঞ্চায়ত নিৰ্বাচনত জ'নেল আৰু ছেক্টৰ বিষয়াসকলৰ পৰা সক্ৰিয় সহযোগ কামনা কৰে ৷ প্ৰশিক্ষণ কালত জিলাৰ অতিৰিক্ত উপায়ুক্তসকলে উপায়ুক্তগৰাকীক সহযোগিতা আগবঢ়ায় ৷

Your Comments