অসম পঞ্চায়ত বিধি, ১৯৯৫ৰ ১৬ নং বিধি অনুসৰি অসমৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁৱতো তিনি তৰপীয়া পঞ্চায়তৰ সভাপতি তথা সদস্য নিৰ্বাচিত কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা হাতত লৈছে ৷ বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৯ ডিচেম্বৰত ৷
সেই অনুসৰি ডাংতল উন্নয়ন খণ্ডৰ অধীনৰ ১৬খন গাঁও পঞ্চায়ত আৰু মাণিকপুৰ উন্নয়ন খণ্ডৰ অধীনৰ ১২খন গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচনৰ বাবে সংশ্লিষ্ট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন-পত্ৰসমূহ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা প্ৰাৰ্থীসকলে সংগ্ৰহ কৰিব পাৰিব ৷
সংগ্ৰহ কৰা মনোনয়ন-পত্ৰসমূহ সংশ্লিষ্ট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অহা ১৯ নৱেম্বৰলৈ কাৰ্যালয় খোলা দিনত (চৰকাৰী বন্ধৰ বাহিৰে) পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে নিজে বা তেওঁৰ প্ৰস্তাৱকে প্ৰাধিকৃত বিষয়াৰ হাতত জমা দিব পাৰিব ৷
জমা দিয়া মনোনয়ন-পত্ৰসমূহ ২০ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত পৰীক্ষা কৰা হ'ব ৷ আনহাতে, ২২ নৱেম্বৰত খণ্ড উন্নয়ন বিষয়া বা প্ৰাধিকৃত বিষয়াৰ হাতত ৩ বজালৈকে প্ৰাৰ্থীয়ে নিজে বা তেওঁৰ প্ৰস্তাৱকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ জাননী দাখিল কৰিব পাৰিব ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'লে ৯ ডিচেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ কৰা হ'ব ৷
সেইদৰে বঙাইগাঁও জিলা পৰিষদৰ সমষ্টিসমূহৰ বিপৰীতে সাতজন সদস্য নিৰ্বাচিত কৰাৰ বাবে মনোনয়ন-পত্ৰসমূহ প্ৰাৰ্থীয়ে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৷ ডাংতল আঞ্চলিক পঞ্চায়তৰ অধীনৰ ১৬খন গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰসমূহ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু একেই কাৰ্যালয়ত জমা দিব পাৰিব ৷
আকৌ ডাংতল আঞ্চলিক পঞ্চায়তলৈ ইয়াৰ অন্তৰ্গত এলেকাৰ পৰা ১৬জন সদস্য নিৰ্বাচিত কৰাৰ বাবে প্ৰাৰ্থীসকলে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা মনোনয়ন-পত্ৰসমূহ সংগ্ৰহ কৰি একেটা কাৰ্যালয়তে জমা দিব পাৰিব ৷
আনহাতে, মাণিকপুৰ আঞ্চলিক পঞ্চায়তলৈ ইয়াৰ অন্তৰ্গত এলেকাৰ পৰা ১২জন সদস্য নিৰ্বাচিত কৰাৰ বাবে প্ৰাৰ্থীসকলেও বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা মনোনয়ন-পত্ৰ সংগ্ৰহ কৰি একেটা কাৰ্যালয়তে জমা দিব পাৰিব ৷
উল্লেখ্য যে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত তথা গাঁও পঞ্চায়তৰ সদস্য আৰু সভাপতি নিৰ্বাচনৰ সময়সূচী গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচনৰ সময়সূচীৰ লগত একেই ৷
- Log in to post comments
- 7 views