পঞ্চায়ত নিৰ্বাচন : চৰাইদেউত প্ৰশাসন আৰু ৰাজনৈতিক দলৰ তৎপৰতা

ss

সোণাৰিৰ পৰা ঘন বৰা

ৰাজ্যিক নিৰ্বাচনী আয়োগে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিন ঘোষণা কৰাৰ লগে লগে চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে শাসক তথা বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে ।

জিলাখনৰ পঞ্চায়ত নিৰ্বাচনৰ মুঠ ২,৯২,৪২২গৰাকী ভোটাৰে ৩৬গৰাকী গাঁও পঞ্চায়ত সভাপতি, ৩৬গৰাকী আঞ্চলিক পঞ্চায়ত সদস্য, ৭গৰাকী জিলা পৰিষদ সদস্য আৰু ৩৬০গৰাকী সদস্য পদৰ ভাগ্য নিৰ্ণয় কৰিব ।

জিলাখনত ৩৬০টা ভোটগ্ৰহণ কেন্দ্ৰ স্হাপন কৰা সম্পৰ্কে উল্লেখ কৰি ২০টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ আৰু ৫০টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি প্ৰশাসনে জানিবলৈ দিয়ে ।

ইফালে আয়োগে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ১৫ নৱেম্বৰত মনোনয়ন-পত্ৰ দাখিলৰ দিন ধাৰ্য কৰিছে । জিলাখনৰ ৭গৰাকী জিলা পৰিষদ, ৩৮গৰাকী আঞ্চলিক পঞ্চায়ত সদস্য, ৩৮গৰাকী গাঁও পঞ্চায়ত সভাপতি পদৰ বাবে প্ৰাৰ্থীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন-পত্ৰ দাখিল কৰাৰ বিপৰীতে ৩৬০গৰাকী গাঁও পঞ্চায়ত সদস্য পদৰ বাবে নিজ নিজ এলেকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মনোনয়ন-পত্ৰ দাখিল কৰিব ।

Your Comments