পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু  নগাঁও জিলা প্ৰশাসন

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু  নগাঁও জিলা প্ৰশাসন

নগাঁৱৰ পৰা ৱাহিদুদ জামান

সমাগত পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ নগাঁও জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । আজি নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়ে যে জিলাখনৰ নগাঁও মহকুমাৰ ২৩টা জিলা পৰিষদ আৰু কলিয়াবৰ মহকুমাত ৬টা জিলা পৰিষদ সমষ্টিসহ মুঠ ২৯টা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

তদুপৰি, জিলাখনৰ নগাঁও মহকুমাৰ মুঠ ১৩৯টা আৰু কলিয়াবৰ মহকুমাত ২৯টা আঞ্চলিক পঞ্চায়ত সদস্য পদৰ লগতে নগাঁও মহকুমাত ১৪৩টা, কলিয়াবৰত ২৯টা সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

আনহাতে, নগাঁৱত ১৪৩০টা আৰু কলিয়াবৰত ২৯০টা গাঁও পঞ্চায়ত সদস্য পদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, নগাঁও মহকুমাত ১৫,০৩টা ভোট কেন্দ্ৰৰ বিপৰীতে কলিয়াবৰত ৩০৮টা ভোট কেন্দ্ৰ আছে ।

ইয়াৰে নগাঁও মহকুমাত ১৩৫টা অতি স্পৰ্শকাতৰ, ৮৭৯টা স্পৰ্শকাতৰ আৰু কলিয়াবৰত ৯১টা অতি স্পৰ্শকাতৰ আৰু ৭৯টা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে । নগাঁও মহকুমাত মুঠ ৯,৪৫,৭৮০ আৰু কলিয়াবৰত ২,০০,৩৩০জন ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰূপণ কৰিব ।

সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো সুকলমে পৰিচালনা কৰিবলৈ নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । নিৰ্বাচনী সভা-সমিতিতো কেতবোৰ নিষেধ আৰোপ কৰিছে ।

নিৰ্বাচনৰ সময়ছোৱাত গ্ৰহণ কৰিবলগীয়া নীতি-নিয়ম সন্দৰ্ভত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আজি এক বৈঠকত মিলিত হৈছে উপায়ুক্তগৰাকী ।

Your Comments