মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন-২০১৮ৰ সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে মাজুলী জিলাতো এই নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি সম্পূৰ্ণ বলৱৎ হৈছে । এই সন্দৰ্ভত মাজুলী জিলাৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে আজি মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত কৰা হয় ।
উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মাজুলী জিলাত পঞ্চায়ত নিৰ্বাচন পৰিচালনাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, নিৰ্বাচন বিষয়া মগেন নৰহ, সহকাৰী আয়ুক্ত নিতিশা বৰাৰ লগতে বিজেপি, কংগ্ৰেছ, অগপ আৰু গণশক্তি দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
বৈঠকত জিলা প্ৰশাসন তথা জিলা পঞ্চায়ত নিৰ্বাচন প্ৰাধিকাৰীৰ ফালৰ পৰা ৰাজনৈতিক দলসমূহক পঞ্চায়ত নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধিৰ বিষয়ে অৱগত কৰি এই আচৰণ বিধি মানি চলিবলৈ আহ্বান জনোৱা হয় ।
সকলো ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু অন্যান্যসকলৰ ওপৰত আৰ্হি আচৰণ বিধি নিৰীক্ষণ কোষে তীক্ষ্ণ নজৰ ৰাখিব আৰু এই বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বৈঠকত অতিৰিক্ত উপায়ুক্ত দাসে দলসমূহৰ প্ৰতিনিধিসকলক অৱগত কৰে ।
উল্লেখ্য যে মাজুলী জিলা পৰিষদৰ ৪খন আসনৰ লগতে ২খন আঞ্চলিক পঞ্চায়ত আৰু ২০খন গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি নিৰ্বাচনৰ বাবে জিলাখনত এই নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন পৰিচালনাৰ বাবে মাজুলীৰ উপায়ুক্তই ইতিমধ্যেই কেইবাটাও নিৰ্বাচন কোষ গঠন কৰি দিছে ।
- Log in to post comments
- 10 views