সদৌ ৰঙিয়া মহকুমাৰ প্ৰাক্তন ছাত্ৰ সন্থা সন্মিলনৰ যো-জা  

ে

সদৌ ৰঙিয়া মহকুমা প্ৰাক্তন ছাত্ৰ সন্মিলনখনি অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰাৰ যো-জা কৰা হৈছে । আজি এই উপলক্ষে ৰঙিয়া সাহিত্য ভৱনত প্ৰাক্তন ছাত্ৰ সন্থাৰ এখন সভা অনুষ্ঠিত হৈ যায় । প্ৰাক্তন ছাত্ৰ নেতা শুভাৰাম দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাখনত ৰঙিয়া মহকুমাৰ প্ৰায় শতাধিক প্ৰাক্তন ছাত্ৰ নেতা উপস্থিত থাকে ।

সভাখনত বৰ্তমান অসমৰ পৰিস্থিতিৰ ওপৰত বিশেষভাৱে সকলোৱে মন্তব্য আগবঢ়াই । আনহাতে নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ বিলখনৰ বিৰোধীতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় উক্ত সভাখনতে । ইফালে প্ৰাক্তন ছাত্ৰ সন্মিলনখন সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ বিষয়ববীয়াসকলৰ সহযোগত অনুষ্ঠিত কৰাৰো সিদ্ধান্ত কৰা হয় । আজিৰ সভাখনতে সদৌ ৰঙিয়া মহকুমা প্ৰাক্তন ছাত্ৰ সন্থাৰ মূল সমিতি এখন  গঠন কৰাৰ বাবে এখন আহ্বায়ক সমিতি গঠন কৰা হয় ।

সেইমতে আহ্বায়ক মণ্ডলীসকল হৈছে শুভৰাম দাস, আফজাল হুছেইন, গোলোক দাস,কলিমুদ্দিন আহমেদ,নিলকন্ঠ ডেকা, লক্ষী ডেকা, বিশ্বজিৎ ডেকা, পৰেশ নাথ, কৰুণা শৰ্মা, দীপেশ দাস আৰু ধ্ৰুৱজ্যোতি বড়া, প্ৰবাল বুজৰবৰুৱা । উল্লেখ্যযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আৰু আদৰ্শ আগত ৰাখি সংগঠনটোৱে কাম কৰি যোৱাৰ সিদ্ধান্ত লোৱা হয় ।

Your Comments