আমি জগত গুৰুজনাৰ আদৰ্শক প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব দি কাম কৰিব লাগিব । ৫৭০ বছৰ আগতে মহাপুৰুষ জনাই অসমীয়াসকলক নাম ধৰ্মৰ মাজেৰে শিকাই থৈ গৈছিল ঐক্যবদ্ধ হৈ থাকিবলৈ । শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শঙ্কৰ -মাধৱ আঞ্চলিক শাখাৰ উদ্যোগত নিজ ডেফেলী পশ্চিম বৰলীয়াপাৰ প্ৰাথমিক শাখাৰ আতিথ্যত কালিৰে পৰা নিজ ডেফেলী পশ্চিম বৰলীয়াপাৰ প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱত বিশিষ্ট অতিথি হিচাপে যোগদান কৰি আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এইদৰে কয় ।
ভাষণ প্ৰসংগত তেওঁ আৰু কয় আমাৰ গুৰুজনাই আমাক ভাগ ভাগ কৰাৰ মানসিকতা শিকোৱা নাছিল । তেওঁৰ আদৰ্শ আছিল সকলোকে একত্ৰিত কৰি সমাজখন আগবঢ়াই লৈ যোৱাৰ । ধাৰেশ্বৰ শালৈৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ মুকলি অধিবেশনখন মুকলি কৰে শংকৰ সংঘৰ ৰঙিয়া শাখাৰ সভাপতি নগেন চন্দ্ৰ ডেকাই ।
জনাকীৰ্ণ সভাখনত ৰঙিয়া জিলা প্ৰচাৰ সমিতিৰ সভাপতি গণেশ ৰাভা, শংকৰ সংঘৰ প্ৰাক্তন শৰণ সদস্য বীৰেণ দাস আদিয়েও বক্তব্য প্ৰদান কৰি ৰাইজক আপ্লুত কৰে। আজিৰ ধৰ্মীয় সভাখনত তামুলপুৰ কলেজৰ প্ৰৱক্তা ৰাণী ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কচুগাঁও সমষ্টিৰ এম চি এল এ বনমালী ৰাভা,সমাজ কৰ্মী ডিম্বেশ্বৰ ৰাভা প্ৰমুখ্যে শংকৰ সংঘৰ বহু কেইজন বিষয়ববীয়াসকল উপস্থিত থাকে ।
- Log in to post comments
- 15 views