পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

 পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দৰং জিলাৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে মুকলি কৰে প্ৰকৃতিপ্ৰেমী, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অবৈতনিক বন্যপ্ৰাণী সংৰক্ষণ প্ৰাধিকাৰী ডঃ বুধিন চন্দ্ৰ হাজৰিকাই । বন বিভাগৰ মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ এই উদ্যানখনে এতিয়া ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি লাভ কৰিছে ।

৭৯.২৮ বৰ্গ কিলোমিটাৰ ব্যাসাৰ্ধৰ এই উদ্যানখনত ঘনত্ব অনুসৰি এছিয়া মহাদেশৰ ভিতৰত সৰ্বাধিক বাঘ থকা উদ্যান হিচাপে পৰিগণিত হৈছে । ২০১৭ চনৰ জৰীপ অনুসৰি এই ওৰাং ব্যাঘ্ৰ প্ৰকল্প তথা ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত ২৪টা বাঘ আছে । ইয়াৰোপৰি ১০১টা গঁড়, সহস্ৰাধিক হৰিণা, নল গাহৰি, বনৰীয়া ম'হ, হাতী, বনৰীয়া গাহৰি, কেটেলা পহু, বিলুপ্তপ্ৰায় উলুম'ৰা চৰাই, ধৃতৰাজ চৰাই, ৰংকু, বিভিন্ন পৰিভ্ৰমী চৰাই, শিহু, কাছ আদিৰ উপৰি দুৰ্লভ প্ৰজাতিৰ বৰকা চেং আদি আছে উদ্যানখনত ।

আজি অনুষ্ঠিত মুকলি সভা মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰমেশ কুমাৰ গগৈয়ে আঁতধৰি অনুষ্ঠানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত স্থান বুলি কয় । এই উদ্যানখন ১০০ বছৰীয়া ইতিহাস সম্বলিত বুলি কৈ তেওঁ কয় যে ৰজা-মহাৰজাৰ মৃগ চিকাৰৰ এক স্থান আছিল ওৰাং অভয়াৰণ্য ।

১৯৮৫ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যবসিত হোৱা এই উদ্যানখন ২০১৬ চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে চৰকাৰে ঘোষণা কৰে । উদ্যানখন এই বছৰৰ বাবে মুকলি কৰি দিয়া ভাষণত ডঃ বুধিন চন্দ্ৰ হাজৰিকাই কয় যে জন অৰণ্যৰ মাজত থকা এই অৰণ্যখনৰ বহু সমস্যা আছে । ১৯৯৬ চনৰ পৰা এই অৰণ্যখনৰ লগত সম্পৰ্ক স্থাপন কৰা হাজৰিকাই তেতিয়াৰে পৰা কেৱল সমস্যাই দেখি আহিছে বুলি কয় ।

পূৰ্বতে এইখন উদ্যানত অত্যধিক গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল যদিও বিগত চৈধ্য মাহে বনকৰ্মী আৰু দৰং আৰক্ষীৰ সক্ৰিয়তাৰ বাবে এটাও গঁড় হত্যা কৰিব পৰা নাই বুলিও তেওঁ উল্লেখ কৰে । গঁড়ৰ খৰ্গত বিশেষ একো প্ৰয়োজনীয় বস্তু নাই যদিও অন্ধবিশ্বাসৰ বাবে গঁড়ৰ খৰ্গৰ ব্যৱসায় এচাম লোকে গঢ়ি তুলিছে বুলি তেওঁ কয় ।

মুকলি অনুষ্ঠানত ছাত্ৰনেতা হিমাদ্ৰী কুমাৰ শৰ্মা, আমছুৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি তথা প্ৰকৃতিপ্ৰেমী মোছাব্বিৰুল হক, ওদালগুৰিৰ এ চি এফ নৱ বৰদলৈ, ৰঙিয়াৰ এ চি এফ নৃপেন কলিতা, শ্যামপুৰ থানাথ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতা, শিলবড়ী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দৈমাৰী আদি উপস্থিত থাকে ।

Your Comments