কালিৰে পৰা বাক্সা জিলাত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজিৰ দিনটোত তামুলপুৰ শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়সমূহতো দেখা গ'ল ব্যাপক প্ৰস্তুতি ৷
আজি তামুলপুৰ ছোৱালী হাইস্কুলত গুণোৎসৱত নিৰীক্ষকৰ ৰূপত উপস্থিত থাকিল অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান, পেন্সন বিভাগৰ সচিব আলোক চন্দ্ৰ চহৰীয়া ৷
পুৱাই বিদ্যালয়খনত উপস্থিত হৈ তেওঁ প্ৰাৰ্থনা সভাত অংশ লৈ ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা গ্ৰহণ কৰে ৷ বিদ্যালয়খনৰ শ্ৰেণীকোঠাত উপস্থিত হৈ তেওঁ ছাত্ৰীসকলৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ উপৰি শিক্ষক, পৰিচালনা সমিতি আৰু অভিভাৱকৰ লগতো বিভিন্ন দিশত সামগ্ৰিকভাৱে খা-খবৰ কৰাৰ লগতে পৰ্যালোচনা কৰা দেখা যায় । পিছত বিষয়াগৰাকীয়ে প্ৰীতিভোজনতো অংশগ্ৰহণ কৰে ।
ইপিনে একেটা শিক্ষা খণ্ডৰ সোণতোলা প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত অংশ ল'লে এসময়ৰ এই বিদ্যালয়ৰ ছাত্ৰ, বৰ্তমানৰ বিটিচিৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দেৱেন বড়োৱে ৷
উল্লেখ্য যে বাক্সা জিলাত কালিৰে পৰা ১৮৭১খন শিক্ষানুষ্ঠানত দ্বিতীয় শ্ৰেণীৰ পৰা নৱমমান শ্ৰেণীলৈ গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ তামুলপুৰ মহকুমাত গুণোৎসৱ অনুষ্ঠিত হয় ৭১৩খন বিদ্যালয়ত।
- Log in to post comments
- 3 views