মঙলদৈৰ উদীয়মান সাংস্কৃতিক কৰ্মী, উদ্যামী যুৱ সংগঠক তথা দৰং জিলা পৰিষদৰ তদানীন্তন জিলা আঁচনি বিষয়া ছিপাঝাৰৰ ঐতিহ্যমণ্ডিত নাৰিকলি গাঁৱৰ বনমালী শৰ্মালৈ সাৰেগামা সুৰ বাহিনী, অসমে আগবঢ়াইছে "ভূপেন হাজৰিকা প্ৰেৰণা বঁটা, ২০১৮" ।
সাৰেগামা সুৰ বাহিনীৰ সৈতে জাতীয়তাবাদী গণ সন্মিলন, অসমে যৌথভাৱে প্ৰদান কৰিবলগীয়া এই বঁটাটি অহা ৪ নৱেম্বৰত গুৱাহাটীস্থিত বি বৰুৱা কেন্সাৰ হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংস্কৃতিক কৰ্মী বনমালী শৰ্মাক উক্ত বঁটাটি প্ৰদান কৰা হ'ব বুলি সাৰেগামা সুৰ বাহিনীৰ সঞ্চালক সোণমণি দত্ত, জাতিয়তাবাদী গণ সন্মিলনীৰ আহবায়ক পদুম নাথ, খনিন দাস আৰু আকাশ জ্যোতি বৰাই জনাইছে ।

উল্লেখ্য যে জিলাখনত প্ৰথমবাৰৰ বাবে "ভূপেন হাজৰিকা প্ৰেৰণা বঁটা" লাভ কৰাৰ বাবে বনমালী শৰ্মালৈ সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী আৰু সাধাৰণ সম্পাদক পৰাগ চহৰীয়া, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিৰ সভাপতি বিপুল মহন্ত, সচিব প্ৰধান উপেন ডেকা আৰু মঙলদৈ আৰ্টছ, স্প'ৰ্টছ এণ্ড কালচাৰেল অৰ্গেনাইজেচনৰ সভাপতি হিমাদ্ৰী কুমাৰ শৰ্মাই অভিনন্দন জনাইছে ।
- Log in to post comments
- 8 views
