গহপুৰত ভগ্ন কাঠৰ দলঙেৰে কণ কণ শিক্ষাৰ্থীসহ বিপদসংকুল যাতায়াত 

s

গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰি দলনি গাঁও পঞ্চায়তৰ ডাঠকলা ( ৫ নং ৱাৰ্ড )  আৰু বৰঝহাবাৰীত (২ নং ৱাৰ্ড) থকা  দুখন ভগ্নপ্ৰায় কাঠৰ দলঙে  যাতায়াতৰ ক্ষেত্রত দীৰ্ঘ দিন ধৰি সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাই আহিছে ৷  বালিজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ  পৰা ঐতিহাসিক শ্ৰীশ্ৰী কল্যাণী মন্দিৰৰ সংযোগী  অতিশয় ব্যস্ততাপূৰ্ণ পথছোৱাত থকা কাঠৰ দলং দুখনৰ একাংশ কাঠ পচি জহিখহি যোৱাত বৰ্তমান দলং দুখনৰ ওপৰেদি সুচল যাতায়াত কৰাটো  অসম্ভৱ হৈ পৰিছে।

বিশেষকৈ  কণ কণ শিক্ষাৰ্থীসকলৰ বাবে উক্ত দলং দুখনৰ ওপৰেদি যাতায়ত কৰাটো অতি বিপদসংকুল হৈ পৰিছে।  কণ কণ শিক্ষাৰ্থী সকলৰ জীৱনৰ বাবে এক  প্ৰকাৰ ভয়ংকৰ ভাবুকি  স্বৰূপ হৈ পৰিছে উক্ত দলং দুখন।উল্লেখ্য যে মেৰামতিৰ নামত বছৰটোত কেবাৰো দলং দুখনৰ জোৰা টাপলি মাৰে যদিও নিন্মমানৰ কাঠ ব্যৱহাৰৰ বাবে সঘনাই কাঠবোৰ পচি যোৱাৰ ফলত দলং দুখন অতি কম সময়ৰ ভিতৰতে পুনৰ জৰাজীৰ্ণ হৈ পৰে।  কণ কণ শিক্ষাৰ্থী তথা সৰ্বসাধাৰণ ৰাইজৰ লগতে  ব্যৱসায়-বাণিজ্যৰ বাবে বিভিন্ন  প্ৰকাৰৰ যান-বাহন চলাচল কৰা পথটিত  থকা দলং দুখনৰ সঘন দুৰৱস্হাত অতিষ্ঠ হৈ পৰা ভুক্তভোগী ৰাইজে এতিয়া  দলং দুখন শীঘ্ৰে পকীকৰণ কৰাৰ দাবী উত্থাপন কৰিছে ।  

প্ৰণিধানযোগ্য এই যে উপায়ান্তৰত ভগ্নপ্ৰায় দলং দুখনৰ ওপৰেদিয়েই ৰাইজে যাতায়াত অব্যাহত ৰাখিব লগা হোৱাত যি কোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ আশঙ্কা প্ৰকট হৈ পৰিছে। অন্যহাতেদি এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্হাৰ উপ সভাপতি অৰুপজ্যোতি ভূঞাই। সংশ্লিষ্ট কৰ্তৃপক্ষই দলং দুখন উপযুক্ত কাঠ ব্যৱহাৰ কৰি সঠিক ভাৱে নিৰ্মাণ কৰাত তিলমানো গুৰুত্ব আৰোপ নকৰাৰ বাবেই সঘনাই দলং দুখনে বিধ্বস্ত ৰূপ ধাৰণ কৰি আহিছে বুলি উল্লেখ কৰি ছাত্ৰ নেতা ভূঞাই অনতিপলমে দলং দুখন পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে পৰিবৰ্তনকামী চৰকাৰখনৰ গহপুৰৰ জনপ্ৰতিনিধি গৰাকীক দাবী জনাইছে।

তদুপৰি, বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ উপদেষ্টা তথা স্থানীয় সক্ৰিয় সমাজকৰ্মী ৰাম প্ৰধানেও কাঠৰ দলং দুখনৰ সঘন দুৰৱস্হাত গভীৰ উদ্বেগ প্ৰকাশ কৰি কণ কণ শিক্ষাৰ্থীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত তৎকালীনভাবে দলং দুখনৰ পুনৰ নিৰ্মাণ অথবা সঠিক মেৰামতিৰ দাবী উত্থাপন কৰিছে ।

Your Comments