বঙাইগাঁৱত ১৮ দফীয়া দাবীত পাৱাৰ ৱ'ৰ্কাৰ্চ ইউনিয়নৰ ধৰ্ণা 

ে

ৰাজ্যখনত শোচনীয় অৱস্থালৈ গতি কৰা শক্তিখণ্ডৰ উন্নয়ন সাধান কৰাত পৰিকল্পিতভাৱে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা আৰু শক্তিখণ্ডৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা তথা দাবীসমূহ সমাধানত যথোচিত গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত আজি আসাম ষ্টেট পাৱাৰ ৱ'ৰ্কাৰ্চ ইউনিয়নে বঙাইগাঁওস্থিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বঙাইগাঁও বৈদ্যুতিক চক্ৰৰ উপ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ে

বিভিন্ন প্ৰান্তৰ পৰা অহা ইউনিয়নৰ সদস্যসকলে ওঠৰ দফীয়া দাবী চনদ কাৰ্যকৰীকৰণৰ দাবীত পুৱা ১০ বজাৰ পৰা ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম শক্তি উৎপাদন নিগমৰ অন্তৰ্গত সকলো নিৰ্মীয়মান প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ কৰি সকলো প্ৰস্তাৱিত বিদ্যুৎ প্ৰকল্প কাৰ্যকৰী কৰাৰ লগতে ৰাজ্যখনক বিদ্যুৎ উৎপাদনত স্বাৱলম্বী কৰি তোলা, নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ সৌৰ প্ৰকল্প, আমগুৰি সৌৰ প্ৰকল্প, মাৰ্ঘেৰিটাৰ কয়লা ভিত্তিক তাপ বিদ্যুৎ কেন্দ্ৰৰ নিৰ্মাণ আৰম্ভ কৰা, চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰ পুনৰুজ্জীৱিত কৰা, অনতি পলমে কৰ্মচাৰীসকলৰ দৰমহা গাঁথনিৰ আসোঁৱাহসমূহ দূৰ কৰা, ২০১৬ চনৰ পৰা কাৰ্যকৰী হোৱা বিদ্যুৎ কৰ্মচাৰীসকলৰ সংশোধিত দৰমহা ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকাৰী কৰা, পেঞ্চনাৰসকলৰ সকলো প্ৰাপ্য শীঘ্ৰে আদায় দিয়া, চিকিৎসা ব্যয় ঘুৰাই দিয়া, অস্থায়ী কৰ্মীসকলোৰ চাকৰি নিয়মীয়াকৰণ কৰা, বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ পদ দুটা একত্ৰীকৰণ বন্ধ কৰি পূৰ্ৱৰ দৰে বেলেগ বেলেগ কৰি বাহাল ৰখা, নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনিৰ পুনৰ প্ৰৱৰ্তন কৰা আদি আসোঁৱাহসমূহ দ্বি-পাক্ষিক আলোচনাৰ জৰিয়তে দূৰ কৰাৰ দাবী জনোৱাৰ লগতে বিভন্ন শ্লোগানেৰে বঙাইগাঁও বৈদ্যুতিক চক্ৰৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ৷

ইপিনে প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইউনিয়নৰ উপ-সাধাৰণ সম্পাদক অমিত কৰে কয় যে বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবলৈ দেশৰ সকলো পৰিয়াললৈ বিদ্যুৎ যোগানৰ আঁচনি লৈছে ৷ অসম চৰকাৰেও নিজস্ব সামান্য উৎপাদনেৰে ৰাজ্যৰ ৬৫ লাখ পৰিয়াললৈ বিদ্যুৎ যোগানৰ কাম হাতত লৈছে ৷ অথচ নিজস্বভাৱে বিদ্যুৎ উৎপাদনৰ কোনো নিৰ্দিষ্ট আঁচনিৰ পৰিকল্পনা নাই ৷ ফলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কোম্পানীকেইটা বলিৰ পঠা হৈ পৰিছে ৷

চাহিদা অনুপাতে নিজস্ব বিদ্যুৎ নথকাত চৰকাৰী আঁচনি কাৰ্যকৰী কৰিবলৈ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠানৰ পৰা ১৭-১৮ টকা দৰত বিদ্যুৎ ক্ৰয় কৰি গ্ৰাহক ৰাইজক ৭-৮ টকা দৰত বিদ্যুৎ যোগান ধৰি লোকচানৰ বোজা জাপি দিছেল বিদ্যুৎ পৰিষদৰ ওপৰত ৷ আনহাতে থলুৱা নিবনুৱাৰ সুবিধা থকা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তলৰ পৰ্যায়ৰ কৰ্মচাৰীৰ সংখ্যা অৱসৰ গ্ৰহণৰ হেতু দিনকদিনে কমি আহিছে যদিও বিদ্যুৎ পৰিষদৰ দৈনিক মজুৰি বা ফিক্সড পে'ত বহু সংখ্যক ঠিকাভিত্তিক অস্থায়ী কৰ্মীৰ দ্বাৰা বিপদ সংকুল কামসমূহ সম্পন্ন কৰি অমানৱীয়ভাৱে শ্ৰমিক শোষণৰ বাট মোকলাই আহিছে ৷

উপ-সভাপতিগৰাকীয়ে বিদ্যুৎ পৰিষদক পুনৰ সক্ৰিয় ৰূপত গঢ়ি তোলা পৰিষদক ব্যক্তিগতকৰণ কৰা ৰোধ কৰা, প্ৰয়োজন অনুপাতে কৰ্মচাৰী নিয়োগ কৰা, বিভিন্ন ফ্ৰেনচাইচীক গোটোৱা উপ আস্থানসমূহ বিদ্যুৎ পৰিষদৰ দ্বাৰা চলোৱা আদিৰো দাবী জনায় ৷ আনহাতে ধৰ্ণাস্থলিত ইউনিয়নৰ উপ সভাপতি ফাৰুক হুছেইন উপস্থিত থাকি কয় যে বিদ্যুৎ পৰিষদৰ পৰিষদৰ প্ৰয়োজনীয় কৰ্মচাৰী নথকাৰ বাবে ৰাইজক সঠিক ৰূপত বিদ্যুৎ যোগান ধৰাত অসুবিধা হৈছে ৷

গতিকে অতি সোণকালে অস্থায়ী বিদ্যুৎ কৰ্মীসকলৰ চাকৰি স্থায়ীকৰণ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা পদ্ধতিৰে সম্পন্ন কৰাৰ লগতে  ইউনিয়নৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰেৰণ কৰা ১৮ দফীয়া দাবী চনদ আলোচনাৰ মাধ্যমেৰে সমাধাৰ বাট ওলাবলৈ দাবী জনায় ৷ ধৰ্ণা কাৰ্যসূচীত ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদক ৰাজেশ পাঠক আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অপূৰ্ব চৌধুৰী আদিয়েও উপস্থিত থাকি প্ৰতিবাদী বিদ্যুৎ কৰ্মীসকলক উদ্দেশ্যি বক্তব্য ৰাখে ৷ লগতে কৰ্তৃপক্ষই দাবীসমূহ মানি নললে ইউনিয়নে অধিক কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকিয়াই দিয়ে ৷

Your Comments