ধুবুৰী জিলাৰ বিলাসীপাৰাত আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ কেন্দ্ৰ কৰি অসম জনমৰ্চাৰ সংবাদ মেল অনুষ্ঠিত হৈ যায়। সংবাদ মেলত অসম জনমৰ্চাৰ কেন্দ্ৰীয় সভাপতি ছাইফুল ইছলাম চৌধুৰীয়ে কয় যে অসম জনমৰ্চা নতুন আঞ্চলিক দল হিচাপে যথেষ্ট খিনি আগবাঢ়িছে আৰু আগন্তুক পঞ্চায়ত লোকসভা নিৰ্বাচনত অসম জনমৰ্চাই ভাল ফলাফল লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।
তেওঁ আৰু কয় যে অসমৰ ১৪খন লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা হ'ব বুলি কয় আৰু অসম জনমৰ্চা দলে কম পক্ষেও ৫ (পাঁচটা) লোকসভা সমষ্টি ক্রমে ধুবুৰী, বৰপেটা, নগাঁও, কলিয়াবৰ আৰু কৰিমগঞ্জত জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলি মত প্ৰকাশ কৰিছে । শেহতীয়া নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিল সম্পৰ্কীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইন কেতিয়াও মানি লোৱা নহ'ব আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা লৈকে অসম জনমৰ্চাই বিৰোধিতা কৰি যাব বুলি সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক জানিবলৈ দিয়ে।
উক্ত সংবাদ মেলত উপস্থিত থাকি অসম জনমৰ্চাৰ কেন্দ্ৰীয় সহ: সম্পাদক ৰাজীৱ হাজৰিকাই কয় যে অনাগত দিনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নানা ধৰণৰ সমস্যাৰ লগতে গৰাখহনীয়া আৰু নিবণুৱা সমস্যা আদি সমাধানৰ ক্ষেত্ৰত অসম জনমৰ্চাই ব্যাপক ভূমিকা পালন কৰিব বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰে ।
তেওঁ আৰু কয় যে, ডি ভোটাৰৰ নামত কোনো প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তি সন্মুখীন হ'লে অসম জনমৰ্চাই সহায় কৰিব বুলি জানিবলৈ দিয়ে। ইতিমধ্যে বৈধ প্ৰমান পত্র থকা ডি ভোটাৰ এজনক অৰ্থনৈতিকভাৱে অসম জনমৰ্চা ফালৰ পৰা সহায় কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে । ইতিমধ্যে অসম জনমৰ্চা আঞ্চলিক দলৰ অসমৰ প্ৰতিটো সমষ্টিত কমিটি গঠন কৰা হৈছে আৰু আঞ্চলিক দলটো লৈ ৰাইজে জাপিত হৈ পৰিছে ।
- Log in to post comments
- 7 views