বহৰিত কুঁহিপাঠ পুথিভঁৰাল আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন

বহৰিত কুঁহিপাঠ পুথিভঁৰাল আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন

চেঙাৰ পৰা সুৰজিৎ পাঠক

বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত বহৰি বজাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আৰু জিলা সৰ্বশিক্ষা মিছনৰ সহযোগত বিদ্যালয়খনত  আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এটি "কুঁহিপাঠ পুথিভঁৰাল"ৰ লগতে "কুঁহি" নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় ।

বৰপেটা সৰ্বশিক্ষা অভিযানৰ জিলা মিছন সমন্বয়ক জোস্নাৰাণী বৰ্মনে "কুঁহিপাঠ পুথিভঁৰাল" আৰু "কুঁহি" প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি দিয়া ভাষণত পুথিভঁৰাল দৰাচলতে জ্ঞানৰহে ভঁৰাল বুলি উল্লেখ কৰে।বিদ্যালয়খনৰ সহকাৰী শিক্ষক প্ৰমথেশ ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত জিলা মিছন সমন্বয়ক গৰাকীয়ে প্ৰাচীৰ পত্ৰিকাখনে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব বুলি আশা কৰি শিক্ষক সকলৰ এনে প্ৰচেষ্টাৰ শলাগ লয় আৰু এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়

প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ সাহাকে ধৰি মুঠ নজন শিক্ষকে দুশগৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা বিদ্যালয়খনৰ আজিৰ অনুষ্ঠানত উপস্থিত থাকি জিলা আঁচনি বিষয়া ৰঞ্জন দাসে বিদ্যালয়খনৰ সামগ্ৰীক পৰিৱেশৰ উচ্চ প্ৰশংসা কৰে

অনুষ্ঠানটোত চেঙা শিক্ষা খণ্ডৰ এম আই এচ ছাইফুল ইছলামেও অংশগ্ৰহণ কৰা বহৰি বজাৰ মধ্য ইংৰাজী বিদ্যালয়খনৰ  উল্লেখনীয় কথা এই যে বছৰ বছৰ ধৰি এই বিদ্যালয়খনে কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্মূখীন হৈ আহিছে।

বিগত গুণোৎসৱত স্থানীয় বিধায়ক শুকুৰ আলী আহমেদে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ একো হৈ নুঠিল ।আজি বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে চি আৰ চি চি নাছিৰউদ্দিন আহমেদে বিষয়টো পুনৰ জিলা মিছন সমন্বয়ক জোস্নাৰাণী বৰ্মনক অৱগত কৰে

এই ক্ষেত্ৰত স্থানীয় বিধায়ক শুকুৰ আলী আহমেদক প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ শিক্ষক সকলৰ লগতে সচেতন ৰাইজে আহ্বান জনায়।

Your Comments