জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
শৰীৰৰ বৰণেই কাল হল জেছমিনাৰ ৷ চামগুৰিৰ কাৱৈমাৰি আৰক্ষী চকীত উত্তপ্ত পৰিস্হিতি । নৱবিবাহিতা বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্হিতি ।
৬ মাহ পূৰ্বে মোবাইলযোগে চিনাকি হৈ ৰূপহীহাটৰ জৰাথনীৰ নেকিবুৰ ইছলামৰ লগত বিবাহ হৈছিল মোৱামাৰিৰ জেছমিনা খাতুনৰ । দেখাত ক'লা বৰণৰ হোৱাৰ বাবেই নেকিবুৰে প্ৰায়েই চলাইছিল অত্যাচাৰ ৷
জেছমিনাই প্ৰতিদিনে স্বামীৰ গৃহত অত্যাচাৰৰ কৰা কথা সদৰী কৰিছিল পিতৃ-মাতৃক ৷ আজি মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰে পিতৃ-মাতৃ ৷
স্বামীৰ পৰিয়ালৰ লোকে ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰি নেকিবুৰৰ গ্ৰেপ্তাৰৰ দাবীত কাৱৈমাৰী আৰক্ষী চকী উত্তপ্ত কৰি তোলে ৷
- Log in to post comments
- 12 views