ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
যোৱা ২৮ অক্টোবৰত হোজাই জিলাৰ ডবকা শাখা সাহিত্য সভাখন পুনৰ গঠন কৰাৰ বাবে ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জামাল আহমেদৰ সঞ্চালনাত এই অঞ্চলৰ সাহিত্যপ্ৰেমী ৰাইজৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷
সভাত হোজাই জিলা সাহিত্য সভাৰ সভাপতি ডাঃ সাৰদানন্দ দেৱগোস্বামী, জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, ৰাজ্যিক সদস্য সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, জিলা কাৰ্যনিৰ্বাহক ইন্দ্ৰজিত বেজবৰুৱা, হোজাই জিলা কবি সন্মিলনৰ সভাপতি, সম্পাদক ক্ৰমে ডঃ হাছিনুচ চুলতান, জমিৰ উদ্দিন তালুকদাৰ, ডবকা উচ্চতৰ মাধ্যমিক বিদ্যোলয়ৰ অধ্যক্ষ প্ৰশান্ত পূজাৰী, যোগীজান শিক্ষা খণ্ডৰ সমল ব্যক্তি বদৰুল ইছলাম বেগ,
ডবকা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পোনাৰাম গগৈ, হোজাই জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা আলম হুছেইন তালুকদাৰ, ৰহিমা বেগম সমন্বিতে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন ২১জনীয়া ডবকা শাখা সাহিত্য সভা গঠন কৰি দিয়া হয় ৷
সভাত জামাল আহমেদক সভাপতি, মাখন চন্দ্ৰ বিশ্বাসক উপ-সভাপতি, আব্দুল কৰিম খানক সম্পাদক, আব্দুল হান্নান তালুকদাৰক সহ-সম্পাদক, আব্দুল চুবুৰ (হীৰা)ক কোষাধ্যক্ষ, পল্লবী মহন্তক পত্ৰিকা সম্পাদিকা, চামছুল আলম পাটোৱাৰীক কাৰ্যালয় সম্পাদক হিচাপে লৈ ২১জনীয়া সমিতিখন গঠন কৰা হয় ৷
ইয়াৰ লগত সংগতি ৰাখি আৰু চাৰিখন উপ-সমিতিৰ আহ্বায়ক ক্ৰমে আলম হুছেইন তালুকদাৰ, তাজ উদ্দিন বৰভূঞা, ৰহিমা বেগম, ৰুবী লস্কৰক দায়িত্ব অৰ্পণ কৰা হয় ৷
সভাৰ আৰম্ভণিতে বিশিষ্ট কবি, সাহিত্যিক, সমালোচক আৰু নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, মোবাৰকবস্তি গাঁৱৰ বাসিন্দা আতৰ আলী চৌধুৰীৰ মৃত্যুত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰা হয় ৷
সভাৰ উদ্দেশ্য ব্যাখ্যাত সাংবাদিক জমিৰ উদ্দিন তালুকদাৰে কয় যে পূৰ্বতে আশীৰ দশকতে ডবকাতে এখন অসম সাহিত্য সভাৰ শাখা আছিল যদিও সেইখন বৰ্তমান নিষ্ক্ৰিয় হৈ পৰাত ডবকা শাখাটি পুনৰ গঠন কৰাৰ বাবে এই সভাখন আহ্বান কৰা হয় ৷
ডবকা অঞ্চলৰ সাহিত্যনুৰাগীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যই এই শাখাটি পুনৰুজ্জীৱিত কৰা হয় বুলি জমিৰ উদ্দিন তালুকদাৰে উল্লেখ কৰে ৷ সভাখনত বক্তব্য ৰাখে ক্ৰমে পোনাৰাম গগৈ, আব্দুল কৰিম খান, মাখন চন্দ্ৰ বিশ্বাস, ৰিয়াজুল আলম পাটোৱাৰী, তাজ উদ্দিন বৰভূঞা,
আব্দুল খালিক লস্কৰ, মহি উদ্দিন, আলম হুছেইন তালুকদাৰ, আব্দুল হান্নান তালুকদাৰ, চুনু ভূষন দে, বদৰুল ইছলাম বেগ, ৰেহিমা বেগম, ডঃ হাছিনুচ চুলতানে ৷
সভাত সাহিত্য সভা সম্পৰ্কে বক্তব্য আগবঢ়ায় জিলা সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, সম্পাদক অনুপ বৰঠাকুৰ, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা আৰু ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাই ৷
- Log in to post comments
- 18 views