দক্ষিণ কামৰূপৰ পৰা নিহাৰিকা তালুকদাৰ
গ্ৰাম্য অৰ্থনীতিৰ ৰাজহাড় হৈছে কৃষি । পিছে কৃষিপ্ৰধান অসমত কৃষি বিভাগৰ চৰম দুৰ্নীতিৰ বাবে ধ্বংস হৈছে এই গ্ৰাম্য অৰ্থনীতিৰ ৰাজহাড়ডাল ।
কৃষকক প্ৰাপ্য সা-সুবিধা প্ৰদান নকৰাৰ বাবে এইবেলি পশ্চিম গুৱাহাটীৰ অসম-মেঘালয়াৰ সীমান্তৱৰ্তী মাটাইখাৰ, জিমিৰিগাঁও, উমচুৰ আদি অঞ্চলৰ শ শ বিঘা কৃষিভূমি এতিয়া অচিন ৰোগত পৰি নষ্ট হৈ মৰুভূমি হোৱাৰ দিশত গতি কৰিছে ।
যাৰফলত মূৰে-কপালে হাত দিছে কৃষক ৰাইজে । সময়মতে কৃষকক পৰ্যাপ্ত সা-সুবিধা নিদিয়াৰ বাবেই খেতিপথাৰতে জ্বলি গৈছে ।
কৃষি বিভাগৰ বিনামূলীয়া সাৰ, কীটনাশক আৰু জলসিঞ্চনৰ সু-ব্যৱস্থা নকৰাৰ বাবে এইবেলিও অধিকাংশ খেতিপথাৰত ধানখেতি নষ্ট হৈ পৰাত কৃষকসকল ভয়ংকৰ লোকচানৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ।
- Log in to post comments
- 7 views